NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ কেলেংকাৰি : ৰাজৰ্ষি সেন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 26, 2017 10:53 am

প্ৰাক্তন কৃষি মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাক এ পি এছ চি কেলেংকাৰিৰ গোচৰত আজি আৰক্ষীয়ে বিশেষ আদালত হাজিৰ কৰোৱায়। অভিযুক্ত শ্ৰী ডেকা ১৪ দিনৰ আৰক্ষীৰ জিম্মাত আছিল। আজি বিশেষ আদলতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তেওঁক আৰক্ষীয়ে যোৱা ১৩ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। ডেকাৰ বিৰুদ্ধে ধনৰ বিনিময়ত চাকৰি যোগাৰ কৰাৰ অভিযোগ আছে। চাকৰি যোগাৰ কৰাৰ পিছত তেওঁ চক্ৰ বিষয়া হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে আৰক্ষীয়ে কেলেংকাৰিটোত জড়িত থকাৰ অভিযোগত এই পৰ্য্যন্ত ২৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। দুজন অভিযুক্ত ক্ৰমে নিশামণি ডেকা আৰু ৰাকেশ গুপ্তা এতিয়াও পলাতক অৱস্থাত আছে।