এ পি এছ চিৰ নিযুক্তিৰ দুৰ্নীতি : ৮ গৰাকী কৃষি উন্নয়ন বিষয়াক একেলগে জেৰা দিচপুৰ থানাত

ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগত কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগত গুৱাহাটীৰ ভঙাগড় থানাত ৰুজু হোৱা ১৬৯/২০১৭ নম্বৰ গোচৰৰ ভিত্তিত আজি ১৪ জুলাইত দিচপুৰ আৰক্ষী থানাত আঠ গৰাকী কৃষি উন্নয়ন বিষয়াক জেৰা চলোৱা হয়।
ধনৰ লেন-দেনেৰে চাকৰি লোৱাৰ অভিযোগত এ চি এচ আৰু এ পি এচ বিষয়াৰ লগতে তদন্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ সন্দৰ্ভত যাৱতীয় তথ্য নিদিয়া বুলি এ পি এছ চিৰ বিৰুদ্ধেই গুৰুতৰ অভিযোগ তুলিছে স্বয়ং তদন্তকাৰী আৰক্ষী বিষয়া মহানগৰৰ পূব আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত সুজিত কুমাৰ শইকীয়াই।
‘তেওঁলোকৰ সম্পূৰ্ণ ঠিকনা এ পি এছ চিয়ে মোক দিব নোৱাৰিলে। পাছত মই কৃষি বিভাগৰ পৰা তেওঁলোকৰ তথ্য সংগ্ৰহ কৰিবলগীয়া হ’ল। ফলত তদন্ত আৰম্ভ কৰাত কিছু দেৰি হ’ল,’ নৰ্থ ইষ্ট নাও-ৰ আগত মন্তব্য শইকীয়াৰ।
আনহাতে আজি ১৪ জুলাইত দিচপুৰ আৰক্ষী থানাত চলোৱা জেৰাত অভিযুক্ত ৮ গৰাকী কৃষি উন্নয়ন বিষয়াই স্বীকাৰ কৰা নাই দুৰ্নীতি সম্পৰ্কীয় একো কথা।
‘জেৰাত বিষয়াসকলে কোনো কথাই স্বীকাৰ কৰা নাই,’ বুলি প্ৰকাশ কৰি শইকীয়াই নৰ্থ ইষ্ট নাও-ক জনাই ‘বিষয়াসকলে ‘আমাৰ পৰীক্ষা ভাল হৈছে’, ‘নম্বৰৰ তালিকাত কি কৰিছে একো নাজানো’ বুলি কৈছে।’
তাৰোপৰি জেৰাৰ বাবে আৰক্ষীয়ে জাননী দিয়া মুঠ ১০ গৰাকী বিষয়াৰ দুগৰাকীয়ে আৰক্ষীক কোনো কাৰণ নজনোৱাকৈয়ে উপস্থিত নহ’ল। আৰক্ষীয়ে বিষয়া দুগৰাকীৰ নাম প্ৰকাশ কৰা নাই।
বিষয়াকেইগৰাকীক কেইবা ঘন্টা ধৰি কৰা জেৰাৰ অন্তত সুজিত কুমাৰ শইকীয়াই নৰ্থ ইষ্ট নাও-ক জনাই ‘আমি পৰীক্ষাৰ নম্বৰৰ তালিকাত খেলিমেলি পোৱা আঠ গৰাকী বিষয়াক আজি জেৰা কৰিছো। এই পৰীক্ষাটোত অ’ এম আৰ শ্বিটত এটা স্ক্ৰিনিং টে’ষ্ট হয় আৰু তাত বাচনি হোৱা পৰীক্ষাৰ্থীসকলৰ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হয়। মৌখিক সাক্ষাৎকাৰতেই সম্পূৰ্ণ বাচনি হয়। মৌখিক সাক্ষাৎকাৰত নম্বৰৰ তালিকাত এ পি এচ চিৰ অধ্যক্ষ বা কোনো সদস্যই নম্বৰসমূহ বহুৱাই যায়। সেই নম্বৰৰ তালিকাখনতেই খেলিমেলি পোৱা গৈছে আৰু তাৰ ভিত্তিত তেওঁলোকক মতা হৈছে।’
দিচপুৰ থানাত জেৰাৰ বাবে মাতি অনা বিষয়াকেইগৰাকী হ’ল মৃগেন হালৈ, কল্যাণ শৰ্মা, জয়ন্ত চাবুকধৰা, সংঘমিত্ৰা শ্যাম, মাফিদা বেগম শইকীয়া, প্ৰিয়ংকা বৰা, চাহিল আজিজ হক আৰু দীপাংক বাৰিক।
জেৰাৰ অন্তত আটাইকেইগৰাকী বিষয়াকে আৰক্ষীয়ে যাবলৈ দিয়ে।
ইপিনে থানাৰ পৰা ওলাই সাংবাদিকৰ আগত কোনো মন্তব্য নকৰি পলায়ন কৰে বিষয়াকেইগৰাকীয়ে।