NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ ২০১৫ৰ নিযুক্তিপ্ৰাপ্ত ২৭জন কৃষি উন্নয়ন বিষয়াৰ সংকট উপস্থিত

Posted by: এন ই নাও নিউজ July 14, 2018 9:47 am
অসম লোকসেৱা আয়োগ ভৱন

এ পি এছ চিৰ জৰিয়তে ২০১৫ চনত নিযুক্তিপ্ৰাপ্ত ২৭ গৰাকী কৃষি উন্নয়ন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ আশংকা ঘনীভূত হৈছে। জালিয়াতিৰে নিযুক্তি প্ৰাপ্ত এই কৃষি বিষয়াসকল তদন্তৰ আওতালৈ অহাৰ পিছতে এই আশংকা স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি সংক্ৰান্তীয় কেলেংকাৰীৰ সন্দৰ্ভত ২০১৭ চনত গুৱাহাটীৰ ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। ১৬৯/১৭ নম্বৰৰ গোচৰটোৰ সম্পৰ্কত শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে।

শুকুৰবাৰে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ কেলেংকাৰি সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰাৰ পিছত মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত সুজিৎ শইকীয়াই কয়, ‘’জালিয়াতিৰে ২০১৫ চনত নিযুক্তিপ্ৰাপ্ত ২৭ গৰাকী কৃষি উন্নয়ন বিষয়াক তদন্তৰ আওতালৈ অনা হৈছে। তেওঁলোকক জেৰা কৰা হ’ব। নিৰ্দিষ্ট প্ৰমাণ পালে গ্ৰেপ্তাৰ কৰাও হ’ব পাৰে।‘’

জানিব পৰা মতে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অভিযোগনামাত এ পি এছ চিৰ নিলম্বিত সদস্য বসন্ত কুমাৰ দলেৰ নামো আছে। ইতিপূৰ্বে এই গোচৰ সম্পৰ্কত এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু মুছাৰফ হুছেইনৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছিল।

ইতিমধ্যে ৰাকেশ পালে এপিএছ চিৰ মূল গোচৰটোত জামিন লাভ কৰিছিল যদিও কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি সম্পৰ্কীয় ভঙাগড় থানাৰ গোচৰত কাৰাবাস খাটি আছে।