NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত বনৰীয়া হাতীৰ জাকৰ দ্বাৰা শস্য পথাৰ, ঘৰ-দুৱাৰ তহিলং

Posted by: ছাজিদ খান June 9, 2018 4:45 pm
udalguri elephant human clash

ভাৰত-ভূটান সীমান্তত অৱস্থিত ওদালগুৰিলৈ পাহাৰৰ পৰা এটা বনৰীয়া হাতীৰ জাক নামি আহি ব্যাপক উপদ্ৰৱ কৰাৰ বাতৰি পোৱা গৈছে।  জানিব পৰা গৈছে যে ৭০-৮০মান হাতীৰ জাকটোৱে ওদালগুৰিৰ অন্তৰ্গত ননৈ ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত উত্তৰ গাৰুৱাঝাৰৰ চাওতাল বস্তিৰ শস্য পথাৰ আৰু সা-সম্পত্তিৰ ব্যাপক ক্ষতি সাধন কৰিছে। উক্ত এলেকাৰ বাসিন্দা বুতু ছোৰেন, আলবিছ ওৰাং, বুধৰাই ছোৰেন, মৰমী ছোৰেন, টাৰজেন ছোৰেন আৰু লখি হেমৰনে অভিযোগ কৰিছে যে হাতীৰ জাকটোৱে তেওঁলোকৰ খেতি পথাৰ আৰু সা-সম্পত্তিৰ ক্ষতি কৰিছে।

অৱশ্যে হাতীৰ জাকটোৱে এই পৰ্যন্ত কোনো মানুহকে আক্ৰমণ কৰা নাই বুলি স্থানীয় লোকসকলে জনাইছে।

অত্যন্ত দুখীয়া এই পৰিয়ালকেইটাৰ শস্য পথাৰ আৰু সা-সম্পত্তি হাতীয়ে বিনষ্ট কৰাত এতিয়া দিনতেই আন্ধাৰ দেখিছে এই পৰিয়ালকেইটাই।

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা হাতীৰ জাকটোৱে ভাৰত-ভূটান সীমান্তৰ এই অঞ্চলটোত এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।

এগৰাকী বন বিষয়াই জানিবলৈ দিছে যে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ কেইগৰাকীমান বন বিভাগৰ লোকক এই অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।

প্ৰকৃতিপ্ৰেমী দিবাকৰ নায়কে জনোৱা মতে ৬০টাতকৈও অধিক হাতী থকা এই জাকটোত বহুকেইটা পোৱালী হাতীও আছে। তেওঁ কোৱা মতে এই জাকটোৱে বহু দিন ধৰি এই অঞ্চলটোত ঘূৰা-ফিৰা কৰি আছে।তেওঁ আৰু কয় যে এই এলেকাৰ বাসিন্দাসকলে বহু দিন ধৰি হাতীৰ ভয়ত শুব পৰা নাই।