NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি জিলাত ডেংগিৰ প্ৰাদুৰ্ভাৱ : সকলোকে সতৰ্ক থকাৰ আহ্বান

January 13, 2018 3:46 pm
ওদালগুৰি জিলাত ডেংগিৰ প্ৰাদুৰ্ভাৱ : সকলোকে সতৰ্ক থকাৰ আহ্বান

সৌ সিদিনালৈকে অসমৰ মানুহৰ অপৰিচিত প্ৰায় হৈ থকা মাৰাত্মক ডেংগি ৰোগে এতিয়া ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলতো বিস্তাৰ লাভ কৰিছে। এটা তথ্যমতে ওদালগুৰি জিলাতে যোৱা বছৰৰ ডিচেম্বৰ মাহলৈকে মুঠ ২২ টা ডেংগি ৰোগৰ ঘটনা ধৰা পৰিছে। এই তথ্য পোৱা গৈছে ওদালগুৰিৰ জিলা প্ৰতিষেধক বিষয়া ডাঃ গণেশ ব্ৰহ্মৰ পৰা।

অৱশ্যে তেওঁ জনোৱামতে এই আটাইকেইটা ঘটনা স্থানীয়ভাৱে আক্ৰান্ত হোৱা ঘটনা বুলি ক’ব নোৱাৰি। ইয়াৰে ভালে কেইটাৰ সূচনা আক্ৰান্তসকলৰ কৰ্মস্থান গুৱাহাটীত।

আনহাতে ডাঃ গণেশ ব্ৰহ্মই জিলাখনৰ সকলো লোকলৈ আহ্বান জনাইছে যে এই মাৰাত্মক ৰোগবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগে লগেই বা আক্ৰান্তৰ খবৰ পোৱাৰ লগে লগেই স্বাস্থ্য বিভাগত খবৰ দিব লাগে।

লগতে ডাঃ ব্ৰহ্মই জনাইছে যে জিলাখনত এই পৰ্য্যন্ত এই ৰোগত আক্ৰান্ত কোনো লোকৰে মৃত্যুৰ তথ্য নাই। সকলো আক্ৰান্তকে চিকিৎসা বিষয়াই পৰ্য্যৱেক্ষণ কৰিছে আৰু তেওঁলোকক বিপদমুক্ত বুলি ঘোষণা কৰা হৈছে।