NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস

Posted by: চাজিদ খান June 10, 2018 6:41 pm
u-2-570x320

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ গাঁওসমূহত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । জিলাখনৰ নোনাই ফৰেষ্ট ৰেঞ্জৰ অধীনৰ উত্তৰ গেৰুৱাঝাৰ অঞ্চলত হাতীৰ জাকে ছয়টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ এদিন পাছতে শনিবাৰে নিশা উক্ত অঞ্চলৰে গুইহা বস্তিত পুনৰ চলিল বনৰীয়া হাতীৰ তাণ্ডৱ।

নিশা অঞ্চলটোত ৮০ৰ পৰা প্ৰায় ১০০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই অতৰ্কিতে গাঁওখনত আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত দেবেন খৰিয়া, তনিছ মুণ্ডা, সুমীত টিগ্গা আৰু কৰ্নিলাছ কেৰ্কেতা নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।

জানিব পৰা মতে এই আক্ৰমণত কোনো লোকৰে ক্ষয়-ক্ষতি হোৱা নাই। কোনো মতে জীৱন-জীৱিকা চলাই থকা এই পৰিয়ালসকললৈ নামি আহিছে এতিয়া কাল অন্ধকাৰ।

‘হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি আমাৰ এই অঞ্চলত প্ৰৱেশ কৰি বহু বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে বহুতো পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰিছে’। দিবাকৰ নায়ক নামৰ এজন প্ৰকৃতি প্ৰেমীয়ে এই মন্তব্য কৰে।

তেওঁ লগতে কয় যে অঞ্চলটোত যোৱা কিছু দিনৰ পৰা বনৰীয়া হাতীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে গাঁওবাসী। ইফালে হাতীৰ জাকটোক জংঘললৈ খেদি পঠিয়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ।