NORTHEAST NOW (Assamese)
অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পৰা দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী আটক

Posted by: ময়ুখ গোস্বামী April 1, 2018 5:08 pm
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পৰা দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী আটক

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ কৰিবলৈ অহা দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰীক কালি নিশা দলগাঁও আৰক্ষীয়ে আটক কৰে।

আটকাধীন দুই চোৰাং চিকাৰীক নাগালেণ্ড চুম’ আজেম আৰু ধিং নগাঁৱৰ ৰুফুল আমিন বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ধৰ্ষ চিকাৰী ৰুফুল আমিনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে চাৰিজনীয়া এক চোৰাং চিকাৰীৰ দলে গঁড় হত্যাৰ বাবে শ্বুটাৰ হিচাপে নাগালেণ্ডৰ চুম’ আজেমক ভাড়া কৰি আনিছিল।

কালি নিশা উদ্যানখনৰ কাষৰ ৰঙাপাৰা গাঁৱত গড়ঁ হত্যাৰ বাবে বাহৰ পাতি থকা অৱস্থাত দলগাঁও আৰক্ষীয়ে বন সুৰক্ষা কৰ্মীৰ সহযোগত দুয়োকে আটক কৰে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে নিশাৰ এন্ধাৰৰ সুযোগ লৈ অস্ত্ৰসহ আন দুই চোৰাং চিকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।