NORTHEAST NOW (Assamese)
অসম

সাহিত্যিক কনকসেন ডেকালৈ ‘২০১৭ বৰ্ষৰ হীৰেন ভট্টাচাৰ্য বঁটা’

Posted by: এন ই নাও নিউজ January 18, 2018 8:20 am
সাহিত্যিক কনকসেন ডেকা

সদৌ নগাঁও ভোগালী বিহু উদযাপন সমিতি, পুৰণিগুদামৰ দ্বাৰা পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত চাৰিদিনীয়াকৈ আয়োজন কৰা ভোগালী বিহু উৎসৱৰ কালি অন্তিম দিনাৰ নিশা অনুষ্ঠিত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, সাংবাদিক কনকসেন ডেকা। উল্লেখযোগ্য যে উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সাহিত্যিক কনকসেন ডেকাক ২০১৭ বৰ্ষৰ হীৰেন ভট্টাচাৰ্য বঁটা প্ৰদান কৰা হয়। এই বঁটাত জাপি গামোচা, স্মাৰক, শ্বল আৰু সম্বৰ্ধনা-পত্ৰ আছে। উক্ত সভাতে সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰাপক তোষপ্ৰভা কলিতা, বৃক্ষবন্ধু বেণুধৰ গায়ন, বিশিষ্ট চিত্ৰ শিল্পী একাৰ্ণৱ গোস্বামীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাই কয়, ‘ভোগালীত আমি পৰম্মৰাগত খাদ্য সম্ভাৰ অটুট ৰাখিব লাগে। কিয়নো বিশ্বৰ ভিতৰতে অসমীয়া খাদ্য উৎকৃষ্ট’। ইয়াৰ উপৰি তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে পুৰণিগুদামৰ পৰা এতিয়া পুৰণি শব্দটো গৈছে। কিয়নো পুৰণিগুদামে এতিয়া নতুনক নেতৃত্ব দিব পৰা হৈছে।

মুকলি সভাখনত বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱা আৰু সাংবাদিক ঋতুস্মিন শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। আনহাতে এই সভাতে ভোগালী বিহু উপলক্ষে উদযাপন সমিতিয়ে পাৰুল গায়নৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘হাৰালি’ স্মৃতিগ্ৰন্থখন কনকসেন ডেকাই উন্মোচন কৰে।

যোৱা ১৩ জানুৱাৰিৰ পৰা চাৰিদিনীয়াকৈ চলা ভোগালী বিহু উৎসৱৰ কালি সফল সমাপ্তি ঘটে। প্ৰতিদিনেই বিভিন্ন জাক জমকতাৰে পৰিপূৰ্ণ কাৰ্যসূচীৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়।