NORTHEAST NOW (Assamese)

কমনৱেলথ গেইমছত দেশৰ হৈ দ্বিতীয় স্বৰ্ণ জয় মণিপুৰৰ ভাৰোত্তোলক সঞ্জিতা চানুৰ

April 6, 2018 12:14 pm · এন ই নাও নিউজ
Updated: April 6, 2018 4:44 pm

মীৰাবাই চানুৰ পদাংক অনুসৰণ কৰিয়েই কমনৱেলথ গেইমছৰ দ্বিতীয় দিনা দেশৰ হৈ দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰিলে মণিপুৰৰ জীয়ৰী সঞ্জিতা চানুৱে।

অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে মণিপুৰৰ ভৰোত্তোলক গৰাকীয়ে ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে কমনৱেলথ গেইমছত সঞ্জিতা চানুৰ এয়া হৈছে দ্বিতীয়টো স্বৰ্ণ পদক। ইয়াৰ চাৰিবছৰ পূৰ্বে ভৰোত্তোলক গৰাকীয়ে গ্লাছগ’ত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৪৮ কেজি শাখাত সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

সম্প্ৰতি মণিপুৰৰ খেলুৱৈ গৰাকীৰ এই সাফল্যৰ বাবে তেওঁক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে সমাজৰ ভিন্নজনে। উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যৰ খেলুৱৈ গৰকীয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত লাভ কৰা এই সফলতাই উত্তৰ- পূবৰ লগতে সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক উদ্বুব্ধ কৰিব বুলি আশা কৰা হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বৃহস্পতিবাৰে প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ দিনাই ভৰোত্তোলনত মীৰাবাই চানু আৰু পি গুৰুৰাজাই ক্ৰমে সোণ আৰু ৰূপৰ পদক লাভ কৰিছিল। তাৰ পাছত আজি সঞ্জিতা চানুৰ পদকে কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ৩টালৈ বৃদ্ধি কৰিলে।

 

Related News