NORTHEAST NOW (Assamese)
অসম

কমনৱেল্থ গেইমছত চমক সৃষ্টি কৰা হিমা দাসলৈ ৰে’লৱে বিভাগৰ চাকৰি

Posted by: এন ই নাও নিউজ April 12, 2018 10:02 pm
Hima Das

অষ্ট্ৰেলিয়াৰ গ’ল্ডকষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেইমছত দেশৰ হৈ পদক অৰ্জন কৰিবলৈ ব্যৰ্থ হ’লেও সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে অসমৰ এথলীট হিমা দাস ।

নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা হিমা দাসক ৰে’ল বিভাগৰ তৰফৰ পৰাও আগবঢ়োৱা হ’ল পুৰস্কাৰ। অতি প্ৰতিভাৱান এথলীট গৰাকীক বিভাগটোৱে আগবঢ়াইছে চি গ্ৰেডৰ চাকৰি। আজি হিমাৰ নিযুক্তি পত্ৰত অনুমোদন জনায় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে।

এই সন্দৰ্ভত ৰাজেন গোহাঁয়ে সংবাদ মাধ্যমৰ আগত কয় যে নেশ্যনেল গেইমছত সোণৰ পদক অৰ্জন কৰা আৰু কমনৱেল্থ গেইমছত খেলাৰ যোগ্যতা পোৱাৰ পাছতে মই ৰে’ল বিভাগত হিমাৰ বাবে চাকৰি প্ৰদানৰ ব্যৱস্থা কৰিছিলো।

ইয়াৰ উপৰি যদিহে সকলো ঠিকে থাকে তেন্তে এই মাহৰ অন্তত হিমাই ৰে’ল বিভাগত যোগদান কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে গ’ল্ডকষ্টত ৪০০ মিটাৰ দৌৰি চমক সৃষ্টি কৰা হিমাৰ নগাঁও জিলাৰ ধিংস্থিত বাসগৃহত আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস উপস্থিত হয়। সভাপতিগৰাকীয়ে হিমাৰ পৰিয়ালৰ লোকক জীয়ৰীৰ সাফল্যৰ বাবে শুভেচ্ছা প্ৰদান কৰাৰ লগতে হিমাৰ পিতৃ ৰঞ্জিত দাসক সম্বৰ্ধনা জ্ঞাপন কৰে।