NORTHEAST NOW (Assamese)
অসম

কলখেতিৰ বিকাশৰ বাবে দুধনৈত স্থাপন হ’ব কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ কেন্দ্ৰ

Posted by: ছফিকুল আহমেদ July 28, 2018 12:24 pm
800

গোৱালপাৰা জিলাৰ দৰংগিৰিত অৱস্থিত এছিয়াৰ বৃহত্তম কলৰ বজাৰখনৰ উন্নয়নৰ বাবে দৰংগিৰিৰ ওচৰৰ দুধনৈত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুধনৈত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মাজত উজ্বলা আঁচনিৰ অন্তৰ্গত বিনামূলীয়া ৰন্ধন গেছ বিতৰণৰ অনুষ্ঠান এটাত উপস্থিত থাকি এই ঘোষণা কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘‘দৰংগিৰিৰ কলৰ বজাৰখনৰ এছিয়াত এটা সুনাম আছে।  অঞ্চলটোৰ বিকাশ আৰু সম্ভাৱনীয়তাখিনিক বাস্তৱিক ৰূপ দিবলৈ আমি গোৱালপাৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰিম।’’

তেওঁ আৰু কয় যে দুধনৈত সকলো আধুনিক সা-সুবিধাযুক্ত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাত তেওঁৰ চৰকাৰে অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পপৰ্কত তেওঁ কয় যে এই ক্ষেত্ৰত শাংকাকুল হোৱা প্ৰয়োজন নাই। কিন্তু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা বাৰ্তা প্ৰেৰণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

তেওঁ কিংবদন্তি নাট্যশিল্পী, পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ অসমৰ নাটক আৰু পম্পৰাগত শিল্পলৈ আগবঢ়োৱা অসামান্য অৱদানৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ অৱদান সদায়েই শ্বাশ্বত হৈ থাকিব। ডাইনী প্ৰথাৰ বিৰুদ্ধে সাহসেৰে ঠিয় দিয়া বীৰুবালা ৰাভাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে সকলো মহিলাকে দুৰ্নীতি আৰু সামজিক অপশক্তিৰ বিৰুদ্ধে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ভালেকেইগৰাকী বিজেপি বিধায়ক আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভাৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু ভাৰতীয় তৈল নিগম অন্যন্য তেল কোম্পানীসমূহৰ বিষয়াবৰ্গৰ উপস্থিতিত মুখ্য মন্ত্ৰীগৰকীয়ে অতি কমেও ২০টা বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে।