NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত নাহৰফুটুকী মৰাৰ অভিযোগত দুজনক আটক জখলাবন্ধা আৰক্ষীৰ; বাঘৰ ছাল, দাঁত, হাঁড় উদ্ধাৰ

Posted by: ৰিদিপ শৰ্মা March 28, 2018 5:35 pm
skin of leopard in assam

কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ চৈধ্য নম্বৰ লাইনত দেওবাৰে মৰা নাহৰফুটুকী বাঘটোৰ হত্যাকাৰী বুলি লক্ষীন্দৰ চাওতাল আৰু প্ৰহ্লাদ তাঁতী নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰিছে।

জখলাবন্ধা আৰক্ষীয়ে চলোৱা অভিযানটোত আটক কৰা লোককেইজনৰ পৰা মৃত বাঘটোৰ হাড়, ছাল আৰু দাঁত উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই দাবী কৰিছে।

আনহাতে পলাই থকা আন চাৰিজন অভিযুক্তৰ সন্ধানত জখলাবন্ধা আৰক্ষীয়ে  জোৰদাৰ অভিযান চলাই আছে বুলি জনাইছে।

উল্লেখযোগ্য বাঘটো হত্যা কৰি তাৰ মাংস খোৱা বুলি অভিযোগ উঠিছিল।