NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত পানীত ডুবা ভনীয়েকক বচাবলৈ গৈ বায়েকৰো কৰুণ মৃত্যু

Posted by: ৰিদিপ শৰ্মা July 9, 2018 5:27 pm
কলিয়াবৰত পানীত ডুবা ভনীয়েকক বচাবলৈ গৈ বায়েকৰো কৰুণ মৃত্যু
কলিয়াবৰৰ পাতলিত আজি সংঘটিত এক শোকাৱহ ঘটনাত একেটা পৰিয়ালৰে দুই ভগ্নীৰ সলিল সমাধি ঘটে।
উল্লেখযোগ্য যে কলিয়াবৰৰ ভৰিধোৱা নিবাসী জয় কুমাৰ ৰায় আৰু সন্ধ্যা ৰায়ৰ দুই জীয়ৰীয়ে পথাৰত কৰ্মৰত লোকক দুপৰীয়াৰ খাদ্য যোগান ধৰিব যাওঁতে দুৰ্ভাগ্যবশত পাতলিৰ এটা জানত তেওঁলোকৰ সৰু জীয়ৰী পূৰ্ণিমা ৰায় পিছলি পৰে।
ফলত লগে লগে তাইৰ লগত থকা আনজনী ভগ্নী মণিকা ৰায়ে উক্ত জান টোত নামি ভগ্নীক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও বাৰিষাৰ বাঢ়নী পানীত মণিকায়ো ডুব যায়।
আনহাতে এই ঘটনা সন্দৰ্ভত জানিব পাৰি স্থানীয় ৰাইজে উক্ত জানটোত অভিযান আৰম্ভ কৰি দুই ভগ্নীক উদ্ধাৰ কৰি ততাতৈয়াকৈ জখলাবন্ধা হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে দুই ভগ্নীক মৃত বুলি ঘোষণা কৰে।
চিকিৎসকে দুই ভগ্নীক মৃত বুলি ঘোষণা কৰাৰ লগে লগে পৰিয়াল তথা ৰাইজৰ মাজত এক শোকৰ বন্যা বোৱা পৰিলক্ষিত হয়।