NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই যুৱক

Posted by: ৰিদিপ শৰ্মা August 8, 2018 5:17 pm
বনৰীয়া হাতী

ৰাজ্যত বন্যহস্তী আৰু মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে কলিয়াবৰৰ ৰেকাপাহাৰ আৰু দিজু সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা কেলিডেন চাহ বাগিচা আৰু সৰিয়হবাৰী সংযোগী গ্ৰাম্য পথত মঙলবাৰে নিশা প্রায় ৮ বজাত হাতী মানুহৰ সংঘাত ঘটে ।

 উল্লেখযোগ্য যে মটৰচাইকেলেৰে চম্পক তাছা আৰু মনিকুন ইছলাম নামৰ দুই যুৱকে কেলিডেন চাহ বাগিচাৰ পৰা সৰিয়হবাৰী অভিমুখে গৈ থকাৰ সময়তে চাৰি-পাঁচজনীয়া এটা বন্যহস্তীৰ জাকৰ সৈতে সন্মুখীন হয়।

 দিজু সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই আহি পথটোৰ দাঁতিত অৱস্থান কৰি থকা হাতীৰ জাকটোৰ আক্ৰমণত দুয়ো যুৱক মটৰচাইকেলেৰে সৈতে বাগৰি পৰে। ফলত দুয়ো জন যুৱক গুৰুতৰভাৱে আহত হয়।

 অৱশ্যে যুৱক দুজনে হাতীৰ জাকটোৰ পৰা কোনোমতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।

 ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই যুৱক ক্ৰমে চম্পক তাছা আৰু মনিকুন ইছলামক বন বিভাগৰ লোকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই।

 আনহাতে আহত দুয়োকে জখলাবন্ধা চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।