NORTHEAST NOW (Assamese)

কলিয়াবৰৰ মিছাৰ ৰৌমাৰি বিলত কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

July 10, 2018 1:20 pm · ৰিদিপ শৰ্মা
Updated: July 10, 2018 1:21 pm
মৃতদেহ উদ্ধাৰৰ বাবে এছডিআৰএফ বাহিনীৰ অভিযান

কলিয়াবৰৰ মিছাৰ ৰৌমাৰি বিলত আজি পুৱাৰ ভাগত এটি ১২ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

মৃতদেহটো মিছা-ভূঞাপট্টিৰ সঞ্জয় যাদৱ নামৰ কিশোৰজনৰ (১২) বুলি চিনাক্ত কৰিছে মিছা আৰক্ষীয়ে।উল্লেখযোগ্য যে যোৱা দেওবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰজন।

ৰৌমাৰী বিলৰ পাৰত কিশোৰজনৰ কাপোৰ উদ্ধাৰ হোৱালৈ চাই কিশোৰজনে বিলত গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱটিব লগা হ’ল বুলি মিছা আৰক্ষী তথা স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে মিছা আৰক্ষীয়ে এছডিআৰএফৰ সহযোগত আজি পুৱা কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

পুৱাই উক্ত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পৰিয়ালৰ লগতে সমগ্ৰ মিছা অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Related News