NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ আৰক্ষীৰ জালত পৰিল এজন গভাইত চোৰ

Posted by: ৰিদিপ শর্মা July 10, 2018 7:12 am
IMG_20180709_125442

৫ জুলাইৰ নিশা কলিয়াবৰৰ কুঁৱৰীটোলৰ সৌভাগ্য মাধৱ দেৱালয়ত চোৰৰ দলটোৱে সংঘটিত কৰা চুৰি কাৰ্যৰ প্ৰায় ৪ দিন পাছত দলটোৰ অংশীদাৰ সদস্য গৌতম ৰবিদাস পৰিল কলিয়াবৰ আৰক্ষীৰ জালত। এই চোৰটোৰ সহায়তে ঐতিহাসিক দেৱালয়খনত লুট-পাত চলাইছিল চোৰৰ দলটোৱে।

গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনবন্ধু ভূঞাৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলে সোমবাৰে কুঁৱৰীটোলৰ পৰা গ্ৰেপ্তাৰ কৰে গৌতম ৰবিদাস নামৰ এই চোৰজনক। গভাইত চোৰৰ দলটোৰ বিৰুদ্ধে চলোৱা এই অভিযানত আৰক্ষীক সহায় কৰে ধৃত গৌতম ৰবিদাসৰ চুবুৰীৰে এজন যুৱকে।

উল্লেখ্য যে যোৱা ৫ জুলাইৰ নিশা ৰবিদাসৰ নেতৃত্বত যোৱা চোৰৰ দলটোৱে লুটি নিছিল দেৱালয়ৰ গোসাঁইৰ মুৰৰ মুকুটকে ধৰি বহু মূল্যবান আ-অলংকাৰৰ লগতে দানপাত্ৰৰ নগদ ধন।

চোৰৰ দলটোৰ অন্যতম সতীৰ্থ গৌতম ৰবিদাস আৰক্ষীৰ জালত পৰিল যদিও বৰ্তমানেও উদ্ধাৰ হোৱা নাই দেৱালয়ৰ পৰা চুৰি হোৱা মূল্যবান সা-সামগ্ৰীসমুহ।

সম্প্ৰতি ধৃত গভাইত চোৰটোক জেৰা চলোৱাৰ লগতে দেৱালয়ত সংঘটিত চুৰিকাণ্ডত জড়িত বাকীকেইটা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে কলিয়াবৰ আৰক্ষীয়ে।