NORTHEAST NOW (Assamese)
উত্তৰ-পূব

‘কৃষি উন্নতি মেলা’ত মেঘালয়ৰ কৃষকক উচ্চ প্রশংসা প্রধান মন্ত্রী মোদীৰ

Posted by: এনই নাও নিউজ March 18, 2018 1:41 pm
m.png

নতুন দিল্লীত চলি থকা ‘কৃষি উন্নতি মেলা ২০১৮’ত মেঘালয়ৰ কৃষকক উচ্চ প্রশাংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে।

আইচিএআৰৰ উদ্যোগত অনুষ্ঠিত মেলাখনত ভাষণ আগ বঢ়াই প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় : উত্তৰ-পূবৰ ক্ষুদ্ৰ ৰাজ্যখনৰ কৃষকসকল উমৈহতীয়াভাৱে এটা বৃহৎ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে। ২০১৫-১৬ বিত্তীয় বৰ্ষত মেঘালয়ৰ কৃষকসকলে উৎপাদনৰ ক্ষেত্ৰত পূৰ্বৰ পাঁচ বছৰৰ অভিলেখ ভংগ কৰিছে।‘ তেওঁ লগতে কৃষকসকলক জৈৱিক কৃষিক্ষেত্ৰৰ বাবে উমৈহতীয়াভাৱে প্ৰয়াস চলাবলৈ আহ্বান জনায়।

মন কৰিবলগীয়া যে এই অনুষ্ঠানটোতে পোনপ্ৰথমবাৰৰ বাবে ৰিভই কৃষি বিজ্ঞান কেন্দ্ৰক ২০১৭ বৰ্ষৰ পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰোৎসাহন পুৰস্কাৰ আগবঢ়োৱা হয়।

বঁটাটো গ্ৰহণ কৰে আইচিএআৰ আৰচিৰ সঞ্চালক এন প্ৰকাশ আৰু ৰিভইৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মকিদুল ইছলামে।

উল্লেখ্য যে কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্যৰে আয়োজিত অনুষ্ঠানটোত প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই অনুষ্ঠানটোৰ জৰিয়তে ভাৰতীয় কৃষকসকলে কৃষি সম্বন্ধীয় শেহতীয়া প্ৰযুক্তিৰ বিষয়ে সজাগতা লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰধান মন্ত্ৰী মোডীয়ে অনুষ্ঠানটোত ‘নিউ ইণ্ডিয়া’ৰ বিষয়ে বাখ্যা কৰি লগতে কয়- ‘কৃষক আৰু বিজ্ঞানীসকলে হৈছে ‘নতুন ভাৰত’ৰ স্বপ্নৰ মূল আধাৰ। উত্তৰ-পূবত এনে ধৰণৰ মেলা অধিক অনুষ্ঠিত কৰি দ্বিতীয় সেউজ বিপ্লৱক ত্বৰান্বিত কৰা উচিত।‘