NORTHEAST NOW (Assamese)

কাজিৰঙাৰ পৰা বনৰীয়া হাতী ওলাই আহি বিশ্বনাথত চলালে সন্ত্ৰাস

December 28, 2017 2:21 pm · দীপ কুমাৰ কলিতা
Updated: December 28, 2017 2:24 pm

কাজিৰঙাৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বিশ্বনাথ চাৰিআলি অঞ্চলত প্ৰৱেশ কৰি অঞ্চলবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই বৃহৎ হাতীৰ জাকটোৱে বিশ্বনাথৰ বালিপুখুৰী, মৰেল গাওঁ, বমগাঁও, জাপৰিগুৰি আৰু চামৰিখুৱা অঞ্চলবাসীৰ ঘৰ-দুৱাৰৰ যথেষ্ট ক্ষতিসাধন কৰা বুলি আমাৰ সংবাদ দাতাই জানিবলৈ দিছে। স্থানীয়লোকে জনোৱা অনুসৰি ৬০টাৰো অধিক বনৰীয়া হাতীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিশ্বনাথৰ এই গাওঁ সমূহত প্ৰৱেশ কৰিছে।

‘এই জাকটোত প্ৰায় ৬৯টা হাতী আছিল। বনবিভাগৰ কোনো লোকে এই হাতীৰ জাকটোক খেদি পঠিয়াবৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। হাতীৰ ভয়ত বনকৰ্মীকেইজনে কম্পমান হৈ আছিল। এই জাকটোৱে আমাৰ অঞ্চলত প্ৰৱেশ কৰি অচম্বিতে আক্ৰমণ চলায় আৰু ঘৰ-দুৱাৰ ভাঙি পেলায়’। এই দৰে আমাৰ আগত কয় আন এজন প্ৰতক্ষ্য দৰ্শীয়ে। হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীয়ে চৰকাৰক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

Related News