NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ পৰা মানাহলৈ ৬টা হাতী পোৱালি স্থানান্তৰ : ৰেডিঅ কলাৰ লগাই নিৰীক্ষণত ৰখা হ’ব

Posted by: উত্তম শইকীয়া March 20, 2018 6:34 pm
6 Baby Jumbo Shifted to Manah from Kaziranga

বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ কৰি আনি পুনৰ সংস্থাপণৰ বাবে প্ৰতিপালন কৰা ৬টা হাতী পোৱালিক আজি মঙ্গলবাৰে কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷

কাজিৰঙাত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন অাৰু সংৰক্ষণ কেন্দ্ৰত পশু চিকিৎসকৰ তত্বাৱধানত হাতী পোৱালি কেইটাক বিগত সময়ছোৱাত প্ৰতিপালন কৰি অহা হৈছিল।

ইয়াৰে দুটা হাতী ২০১৪ আৰু ২০১৫ বৰ্ষত বড়োলেণ্ডৰ পৰা, এটা ২০১২ চনত ধেমাজীৰ পৰা, ২০১৩ চনত দুটা কাৰ্বি আংলং জিলাৰ পৰা আৰু এটা শোনিতপুৰ জিলাৰ পৰা পেৱালীতে উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল ৷

সুদীৰ্ঘ দিন কেন্দ্ৰটোত প্ৰতিপালন কৰাৰ পিছত হাতী পোৱালি কেইটাক আজি বিয়লি তিনিখন ট্ৰাকত উঠাই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পৰিচালনা কৰা দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্টৰ উদ্যোগত হাতী পোৱালি কেইটাক মানাহলৈ নিয়া হয় ৷

ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ জেষ্ঠ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত কেন্দ্ৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডাঃ দেৱব্ৰত ফুকন, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰী আৰু ডাঃ দাওহাৰু বড়োৰ এনিমেল কিপাৰৰ এটা দল হাতী পোৱালি কেইটাৰ লগতে মানাহলৈ যাত্ৰা কৰে।

২১ মাৰ্চৰ পুৱা পেৱালি কেইটা মানাহত উপস্থিত হোৱাৰ পিছত অস্থায়ী ভাৱে নিৰ্মিত এক বোমাৰ ভিতৰত ৰখা হ’ব বুলি জনাই ডাঃ ভাস্কৰ চৌধুৰীয়ে কয় যে বোমাৰ ভিতৰতে প্ৰায় ছমাহ দিন নিৰীক্ষণ কৰি সকলো ঠিকে থাকিলে পোৱালি কেইটাক মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হব।

আনহাতে, হাতী পোৱালী কেইটাৰ গতি বিধি নিৰীক্ষণ কৰাৰ বাবে ডিঙিত ৰেডিঅ’ ৰলাৰো লগোৱা হ’ব বুলি চিকিৎসক চৌধুৰীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে বিগত সময়চোৱাত কাজিৰঙাৰ বন্য প্ৰাণী পুনৰ সংস্থাপণ আৰু সংৰক্ষন কেন্দ্ৰৰ পৰা ১৫ টা গঁড়, ৩৬ টা দল হৰিণ আৰু ২০ টা হাতী মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে ৷