NORTHEAST NOW (Assamese)
Popular Stories

কানহাইয়াৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা নাকচ কৰিলে চিপিআই-ৰ নেতৃত্বই

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 17, 2021 3:05 pm
Kanhaiya Kumar

কানহাইয়া কুমাৰৰ কংগ্ৰেছত যোগ দিয়াৰ গুণা-গঁথা চলি থকাৰ মাজতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি(চিপিআই)ৰ সাধাৰণ সম্পাদক ডি ৰাজাই মন্তব্য কৰে যে কানহায়াৰ দল ত্যাগৰ বাতৰি তেওঁক অপমান কৰাৰ চেষ্টাহে। কানহাইয়াৰ সেতে পাৰ্টিৰ মূখ্য কাৰ্যালয়ত হোৱা সাক্ষাতৰ পিছতেই চিপিআইৰ সাধাৰণ সম্পাদক গৰাকীয়ে এইদৰে মন্তব্য কৰে যদিও কংগ্ৰেছে দাবী কৰে যে খুব সোনকালেই কানহাইয়াই কংগ্ৰেছত যোগদান কৰিব।

ডি ৰাজাই কয় যে কনাহাইয়া চিপিআইৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ এজন সদস্য আৰু যোৱা দুদিন ধৰি পাৰ্টি কৰ্যালয় অজয় ভৱনত আছিল। তেওঁ এয়া কানহাইয়াৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ এক অপপ্ৰচাৰ বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

কানহাইয়াই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে সক্ষাতৰ কথা সোধাত, তেওঁ উত্তৰত কয় যে পূৰ্বেও ৰাজনৈতিক নেতাক দেখা কৰাত কোনো প্ৰতিবন্ধকতা নাই আৰু কোনো নেতাক দেখা কৰা মানে দল ত্যাগ কৰা নুবুজাই।
চৰ্চিত হৈছিল যে, অনুশাসনহীনতাৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে পাৰ্টিৰ পৰা অহা নিন্দা জনক আদেশকলৈ বিৰক্ত হৈ কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰিবলৈ লৈছে।

কানহাইয়া কুমাৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃত্বৰ সংস্পৰ্শত আছিল বুলি কোৱা হৈছে আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ হৈছিল।

কানহাইয়াই ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত বিহাৰৰ বেগুচৰাইৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতা গিৰিৰাজ সিঙৰ বিৰুদ্ধে পৰাজিত হৈছিল।

প্ৰাক্তন জেএনইউ নেতা গৰাকীয়ে এই সংক্ৰান্তত নিৰৱ ভূমিকা পালন কৰিছে আৰু এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কমিউনিষ্ট পাৰ্টিয়ে সদৰি কৰে যে কানহাইয়াই পাৰ্টিৰ কাৰ্যকলাপ আগলৈও বাহাল ৰাখিব।

তথাপি কংগ্ৰেছ নেতৃত্বই কানহাইয়া কুমাৰৰ সৈতে কথাবাৰ্তা হোৱা বুলি প্ৰচাৰ কৰিছে। বিহাৰত কংগ্ৰেছৰ স্থিতি সবল কৰিবলৈ কানহায়াক দলত চামিল কৰাৰ চিন্তা চৰ্চা চলাইছে।

কানহাইয়া কুমাৰ কংগ্ৰেছলৈ অহাৰ চৰ্চা চলাৰ মুহুৰ্ততে চিপিআই-এ কানাহাইয়াক দলত বাহাল ৰাখিবলৈ চেষ্টা কৰিছে।