NORTHEAST NOW (Assamese)
অসম

কাপোৰত সপোন ৰচিব জনা অসমীয়া শিপিনীয়ে কাপোৰতে বৈ উলিয়ালে ভাগৱত গীতা

Posted by: এ December 3, 2017 6:25 pm

মহাত্মাগান্ধী অসমলৈ আহোতে অসমীয়া শিপিনীৰ কাম দেখি বিস্ময়ভৰা প্ৰশংসাৰে কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাৰ যথাৰ্থতা প্ৰমাণ কৰি আহিছে অসমীয়া শিপিনীৰ কলাসুলভ সৃষ্টি-কৰ্মই। শেহতীয়াকৈ এনে এগৰাকী শিপিনীৰ অবিশ্বাস্য শিল্পকৰ্মৰ কথা পোহৰলৈ আহিছে। ডিব্ৰগড় চহৰৰ নিৱাসী হেমপ্ৰভা নামৰ এইগৰাকী শিপিনীয়ে ভাগৱত গীতাৰ ৫০০ সংস্কৃত পদ কাপোৰতে বৈ উলিয়াই সকলোকে বিস্মিত কৰিছে। শিপিনীগৰাকীয়ে আমাক জানিবলৈ দিয়া মতে যোৱা ডিচেম্বৰৰ পৰা তেওঁ এই কাৰ্যত ব্ৰতী হৈ আছিল আৰু আজি প্ৰায় এবছৰৰ মূৰত তেওঁৰ নিজৰ সৃষ্টিক সাকাৰ ৰূপ দিয়ে। ইয়াৰ পূৰ্বেও তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালাৰ ছটা স্তৱক বৈ ৰাইজৰ ওচৰত প্ৰশংসাৰ পাত্ৰ হৈছিল। এতিয়াও শিপিনীগৰাকীৰ এই সৃষ্টিকৰ্মক আৰু তেওঁৰ ধৈৰ্য্যক ৰাইজে একমুখে শলাগিছে। ৰাইজৰ পৰা উৎসাহ পাই শিপিনী গৰাকীয়ে পিছলৈ দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ বাবে অনুপ্ৰেণিত হোৱা বুলি আমাক জানিবলৈ দিয়ে।