NORTHEAST NOW (Assamese)
অসম

কামাখ্যা মন্দিৰৰ চৌহদক সম্পূৰ্ণ প্লাষ্টিক মুক্ত কৰাৰ পণ ভইছ অৱ এনভাইৰ’মেণ্টৰ

Posted by: এন ই নাও নিউজ April 23, 2018 8:58 am
kamakhya-temple-in-guwahati-570x320

পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদ সম্পূৰ্ণ প্লাষ্টিক মুক্ত কৰাৰ মানসেৰে গুৱাহাটীস্থিত ভইছ অৱ এনভাইৰ’মেণ্ট নামৰ সংগঠন এটাই উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰিছে।

দেওবাৰে কামখ্যা মন্দিৰৰ চৌহদত এই সংগটনটোৱে ধৰিত্ৰী দিৱস উপলক্ষে এক অনুষ্ঠান আয়োজন কৰি পৰিৱেশ সতৰ্কতামূলক আলোচনা কৰাৰ লগতে কিদৰে মন্দিৰৰ চৌহদ প্লাষ্টিক মুক্ত কৰিব পাৰি সেয়াও আলোচনা কৰা পৰিলক্ষিত হয়।

‘প্লাষ্টিক প্ৰদূষণ নিশেষ’, এই বৰ্ষৰ ধৰিত্ৰী দিৱসৰ এই বিশেষ থিমটো আওৰায় সংগঠনটোনে উক্ত দিৱস পালন কৰাৰ লগতে প্লাষ্টিক মুক্ত কামখ্যা মন্দিৰ চৌহদৰো অবিযান আৰম্ভ কৰে।

উল্লেখ্য যে সংগঠনটোৱে গ্ৰহণ কৰা উক্ত পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে আৰ্থ দে নেটৱৰ্ক ইণ্ডিয়া আৰু গ্ৰীন গাৰ্ড নেশ্যাৰ অৰগানাইজেশ্যন, অসমে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ বিষয়ববীয়াই।

ধৰিত্ৰী দিৱসত উপস্থিত থকা ব্যক্তিসকলে ভাষণ প্ৰসংগত প্লাষ্টিকৰ ব্যৱহাৰে কৰা ক্ষতি আৰু স্বচ্ছতাৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে। এই সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন্দিৰ কৰ্তৃপক্ষই আদৰণি জনোৱাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।