NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ উন্নতি

Posted by: নংনী তেৰাং June 16, 2018 10:27 pm
Flood affected people of West Karbi Anglong

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ আজি সামান্য উন্নতি হোৱা বুলি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সূত্ৰই জনাইছে। সমগ্ৰ বান পৰিস্থিতি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে নিৰীক্ষণ কৰি আছে বুলি সূত্ৰটোৱে দাবী কৰে।

আনহাতে কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তই কয়, “কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে। ভুক্তভোগী বহু লোক ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে। জিলা দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ডি পি অ’ স্মিতা চেতিয়াই কয় যে কাৰ্বি আংলং জিলাখনত ৰেশ্যনৰ সামগ্ৰী বিতৰণ কৰা হৈছে। “জলস্তৰ তললৈ নামি গৈছে। দলামৰাতো পানী শুকুৱা দেখা গৈছে। তাত এটা সাহায্য শিবিৰ আছিল যদিও এতিয়া সেইটো বন্ধ কৰি দিয়া হৈছে। চাউল, নিমখ আদিৰ দৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী যোৱা দুদিন পূৰ্বেই বিতৰণ কৰা হৈছিল।

ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ উপাযুক্ত দেৱজ্যোতি হাজৰিকায়ো জিলাখনত বান পৰিস্থিতিৰ উন্নতি হোৱা বুলি জানিবলৈ দিছে। তেওঁ কয় যে বৰষুণৰ লগতে কাৰ্বি লাংপি বান্ধৰ পানী এৰি দিয়াৰ ফলতেই এই বান পৰিস্থিতিয়ে দেখা দিছিল। বান্ধটোৰ পৰা তিনিখন গেইটেৰে পানী এৰি দিয়া হৈছিল বুলি উপায়ুক্তজনে জানিবলৈ দিয়ে। “আমি লাংপি নদীৰ নামনিত থকা লোকসকলক সতৰ্ক কৰি দিয়াৰ উপৰি তেওঁলোকক উচ্চ স্থানলৈ যাবলৈ অনুৰোধ কৰিছিল। প্ৰশাসনে ভুক্তভোগীসকল থকা ঠাইত পৰ্য্যাপ্ত ৰেশ্যন সামগ্ৰী, স্বাস্থ্যসেৱা আগ বঢ়াইছিল।” উপায়ুক্তজনে কয়। তেওঁ কয় যে সাহায্য শিবিৰত থকা বহু সংখ্যক লোক এতিয়া ঘৰলৈ ঘূৰি গৈছে। বৰষুণ পুনৰ নহ’লে অহা ২৪ ঘণ্টাৰ ভিতৰত এই শিবিৰবোৰৰ সকলো লোক ঘৰলৈ ঘূৰি যাব পাৰিব বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে কেৱল পশ্চিম কাৰ্বি আংলং জিলাতেই মুঠ ৪,৪৫০জন লোক বানত আক্ৰান্ত হৈছিল।

কৰিমগঞ্জত বানে লৈ তীব্ৰ ৰূপ :

আনহাতে কৰিমগঞ্জ জিলাত নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানে বিষম ৰূপ ধৰি আছে। জিলাখনৰ কুশিয়াৰা নদীত ফেনে-ফোটোকাৰে ওফন্দি উঠি পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে। আনহাতে জিলাখনৰ বিসৰ্জনঘাট মথাউৰিটো ছিগাৰ ফলত কৰিমগঞ্জ চহৰখন জলমগ্ন হৈ পৰিছে।