NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া আলফাৰ

Posted by: এন ই নাও নিউজ June 12, 2018 7:06 pm
ulfa reaction on karbi anglang dokmoka incident

কাৰ্বি আংলঙৰ ডকমকাত হোৱা ‘বৰ্বৰোচিত’ হত্যাক ‘তীব্ৰ গৰিহণা’ দি এই ঘটনাৰ আলম লৈ গোষ্ঠী বিদ্বেষ বিয়পাই গোষ্ঠী সংঘৰ্ষৰ পৰিস্থিতিৰ যাতে সৃষ্টি কৰা নহয় তাৰ প্ৰতি সজাগ হ’বলৈ সকলো জাতীয় সংগঠন আৰু জনগণক আলফা -ই আহ্বান জনাইছে।

ঘটনাটোৰ আলম লৈ জনজাতীয় ‘লোক আৰু ছাত্ৰ-ছাত্ৰীক একশ্ৰেণীৰ লোকে নিৰ্য্যাতন আৰু ভাবুকি দিয়াৰ’ কথা উল্লেখ কৰি আলফাই তেওঁলোকৰ সকলো নেতা-কৰ্মীকে ‘নিজ নিজ স্থানত জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু প্ৰশাসনৰ লগ হৈ এই অনাকাংখিত পৰিস্থিতিক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি’ যাবলৈ আহ্বান জনাইছে।

আলোচনাপন্থী সংযুক্ত মুক্তি বাহিনী অসমৰ সভাপতি অৰৱিন্দ ৰাজখোৱাই আজি ১২ জুনত নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰণ কৰা বিবৃতিটোত ‘ৰাজনীতিৰ ব্যৱসায়িকে এই পৰিস্থিতিৰ সুযোগ ল’ব যাতে নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি’ ৰাখিবলৈ স্বদেশৰ জনগণক আহ্বান জনাইছে।

‘নীলোৎপল, অভিজিতক’ কাৰ্বি জনসমাজে নহয়, দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে বুলি মত প্ৰকাশ কৰি ‘দুষ্কৃতিকাৰীৰ কঠোৰ শাস্তি’ বিচৰাৰ লগতে ঘটনাটোৰ জহত ‘এজনো নিৰীহ লোক’ যাতে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা নহয় সেয়া নিশ্চিত কৰিবলৈকো আলফাই প্ৰশাসনক আহ্বান জনাইছে। দুয়ো অসম সন্তান নীলোৎপল-অভিজিতৰ শোকসন্তপ্ত ‘আত্মীয়-স্বজন’লৈ সংগঠনটোৱে ‘গভীৰ সমবেদনা জ্ঞাপন’ কৰিছে।

সমগ্ৰ ৰাজ্যজুৰি জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰা এই সোপাধৰাকেন্দ্ৰিক ঘটনাৰাজি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবে চৰকাৰ-প্ৰশাসনলৈকে মূলতঃ আঙুলিয়াই আলফাৰ বিবৃতিটোত ভাৰত ৰাষ্ট্ৰৰ ‘প্ৰশাসন যন্ত্ৰটোৰ উপস্থিতিতেই এনে বৰ্বৰোচিত হত্যাকাণ্ড চলি থকাটোত অসমৰ জনগণ স্তম্ভিত’ বুলি মন্তব্য কৰিছে।

আনহাতে হত্যাকাণ্ডটোৰ উচিত বিচাৰ বিচাৰি অসমৰ ‘সৰ্বত্ৰ বিয়পি পৰা’ প্ৰতিবাদ ‘ভাল হৈছে’ বুলি উল্লেখ কৰি আলফাই ‘প্ৰতিবাদ হ’ব লাগে’ বুলি মন্তব্য কৰিছে।