NORTHEAST NOW (Assamese)

কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যন নামেৰে এক নতুন কাৰ্বি সংগঠনৰ অংকুৰণ

March 24, 2018 10:25 pm · নংনী তেৰন

গুৱাহাটীস্থিত কাৰ্বি ভৱন (কাৰ্বি হেমটুন)ত আজি অনুষ্ঠিত এক সভাত কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যন (কে এছ এফ) নামৰ এক নতুন সংগঠন গঠিত হয়। কেইবাটাও কাৰ্বি ছাত্ৰ সংগঠনক একত্ৰিত কৰি উক্ত উমৈহতীয়া সংগঠনটো গঠন কৰা হৈছে।

আজিৰ সভাত লোৱা সিদ্ধান্ত মৰ্মে নতুনকৈ গঠন হোৱা কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যনত ইয়াৰ সকলো সদস্য সংগঠনৰ সভাপতি আহ্বায়ক হিচাপে থকাৰ বিপৰীতে উক্ত সংগঠনসমূহৰ সাধাৰণ সম্পাদক সকল কে এছ এফৰো সাধাৰণ সম্পাদক হিচাপে থাকিব।

উক্ত সভাখনলৈ নিমন্ত্ৰণ কৰা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ’য়ে কয়, ‘এটা সংগঠন গঠন কৰাতো সহজ কিন্তু ইয়াক জীয়াই ৰাখি লক্ষত উপনীত কৰোৱাতো সহজ নহয়। মই আপোনালোকক নতুন সংগঠন গঠন কৰিবলৈ হাক দিওঁ, কিন্তু সদস্য সংগঠনসমূহৰ মাজত যেতিয়া বিশ্বাসে গঢ় লয় তেতিয়া একেলগে কাম কৰাটো বেছি ভাল।’

তেওঁ লগতে কয় যে স্থান নিৰ্বিশেষে সকলো কাৰ্বি একত্ৰিত হৈ কাম কৰাটোৱে ইয়াৰ উদ্দেশ্যে হোৱা উচিত।

কাৰ্বি ছাত্ৰ সন্থা (কে এছ এ)ৰ দুটা গোট, এ এ কে ৱাই এ, এ আই কে এছ ইউ, কে এছ ইউ কামৰূপ, কে এছ ইউ কাৰ্বি আংলং, এ পি এম ডব্লিউ এছ, এ এ কে এছ এ, বৰাক ভেলী কে এছ এ আদি হৈছে আজিৰ নৱগঠিত কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ সদস্য সংগঠন।

Related News