NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩ জনকৈ লোক

Posted by: নীলমণি শৰ্মা June 26, 2018 10:49 am

গোৱালপাৰাৰ কৃষ্ণাই টুকুৰাত সোমবাৰে নিশা  এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে গোৱালপাৰাৰ কৃষ্ণাই সোমবাৰে নিশা প্ৰায় ২ বজাত ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা AS 17B 6731নম্বৰৰ  এখন যাত্ৰীবাহী নৈশ বাছ আৰু ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা AS 18C 7440 নম্বৰৰ বলেৰ’ পিকআপৰ মুখামুখি সংৰ্ঘষ হয়।

এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে ৩ জনকৈ লোক নিহত হোৱাৰ লগতে নৈশ বাছৰ কেইবাজনো যাত্ৰীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ফলত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলক তাৎক্ষণিকভাৱে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চালকৰ আসনতে নিহত হয় নৈশ বাছৰ চালকজন। বাছখনে বলেৰ’ খনত খুন্দা মাৰি প্ৰায় ৫০ মিটাৰ আঁতৰৰ পথাৰত পৰে।