NORTHEAST NOW (Assamese)
অৰুণাচল

কেন্দ্রীয় পুঁজিৰ ব্যৱহাৰ কৰিব নোৱাৰা তালিকাৰ শীৰ্ষত আছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন বিজেপি শাসিত ৰাজ্য

Posted by: ৰাজীৱ ৰয় January 28, 2018 10:11 am
parliament-678x381

বিজেপি শাসিত ৰাজ্য অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশে বিভিন্ন আঁচনিৰ অধীনত আগবঢ়োৱা কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ কৰিব নোৱাৰা ৰাজ্যৰ তালিকাৰ শীৰ্ষ তিনিটা স্থানত আছে।

এই বিষয়ত শক্তিশালী স্থিতি গ্ৰহণ কৰি নতুন দিল্লীয়ে উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ পৰা পুঁজিৰ ব্যৱহাৰিক প্ৰমান পত্ৰ বিচাৰিছে।

বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত লাভ কৰা কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰিক প্ৰমান পত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক কেন্দ্ৰীয় পুঁজিৰ ধন কেন্দ্ৰই হ্ৰাস কৰিছে।

চৰকাৰী বিষয়াই কয় যে ব্যৱহাৰিক প্ৰমান পত্ৰ দাখিলকৰা ব্যৰ্থ হোৱাৰ বাবে কেন্ৰই পুঁজি মুকলি কৰি দিয়া বন্ধ কৰিবলৈ বাধ্য হৈছে যাৰ ফলত কেইবাখনো গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ ৰূপায়ন বাধাগ্ৰস্ত হৈছে।

বৰ্তমান বিত্তীয় বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মুঠতে ১৩৯৪.৫০ কোটি টকা খৰচ নোহোৱাকৈ পৰি আছে।

কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰত ব্যৰ্থ হোৱা ৰাজ্যসমূহৰ শীৰ্ষত আছে অসম। চৰকাৰী পৰিসংখ্যা অনুসৰি অসমে চলিত বিত্তীয় বৰ্ষত ৩৮৪.৩৩ কোটি টকাৰ ব্যৱহাৰিক প্ৰমান পত্ৰ দিয়া নাই।

অসমৰ পিছতে মণিপুৰে ২৪৬.২০ কোটি টকাৰ আৰু অৰুণাচল প্ৰদেশে ২২৮.৯৩ কোটি টকাৰ ব্যৱহাৰিক প্ৰমান পত্ৰ দাখিল কৰাত ব্যৰ্থ হৈছে।

উত্তৰ পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয় (ড’নাৰ)এ ইয়াৰ নন্ লেপছেৱল চেন্ট্ৰেল পুল অফ ৰিচ’ৰ্ছেছ আঁচনিৰ অধীনত মন্ত্ৰালয়ে অনুমোদন জনোৱা বিশেষ আঁচনিৰ বাবে উত্তৰ পূবৰ ৰাজ্য কেইখনলৈ পুঁজি আৱন্টন কৰে। ৰাজ্য চৰকাৰে এই পুঁজি ৰূপায়ন কৰা সংস্থাসমূহলৈ পঠিয়াই দিয়ে।

‘’ সাধাৰণ বিত্তীয় নিয়ম অনুসৰি ৰাজ্য চৰকাৰে দাখিল কৰা ব্যৱহাৰিক প্ৰমান পত্ৰৰ ওপৰত ভিত্তি কৰি বাকী পুঁজি মোকলাই দিয়া হয়। কিছুমান আঁচনি সময়মতে ৰূপায়ন হয় যদিও আন কিছুমান আঁচনি সময়মতে পুঁজি নোপোৱাৰ বাবে বিলম্ব হয় আৰু কম কৰ্মদিনৰ ভিতৰত কৰিবলগীয়া হোৱাৰ বাবে বাধাগ্ৰস্ত হয়,’’-বিষয়াগৰাকীয়ে কয়।

চৰকাৰী তথ্য অনুসৰি মেঘালয়ে ১১৫.৪০ কোটি, মিজোৰামে ১১৪.১৩ কোটি, নাগালেণ্ডে ১০৫.৮৫ কোটি, ত্ৰিপুৰাই ১১৪.২০ কোটি আৰু ছিকিমে ৮৫.৪৬ কোটি টকাৰ ব্যৱহাৰিক প্ৰমান পত্ৰ দাখিল কৰিবলৈ সক্ষম হোৱা নাই।