NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধি

Posted by: এন ই নাও নিউজ March 8, 2018 12:02 pm
7th-Pay-Commission

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক সুখবৰ। নৰেন্দ্ৰ মোডী কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী তথা পেন্সনাৰ সকলৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ ফলত দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেন্সনাৰ সকল লাভাৱান্বিত হ’ব।

উল্লেখ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এক সৰ্বসম্মত সিদ্ধান্ত গ্ৰহণ কৰি এই সন্দৰ্ভত চূড়ান্ত অনুমোদন দিয়ে। ইয়াৰ ফলত কৰ্মচাৰী সকলে পূৰ্বৰ ৫ শতাংশৰ পৰিৱৰ্তে ৭ শতাংশ মৰগীয়া বানচ পোৱাটো নিশ্চিত হ’ল।

কেন্দ্ৰীয় কেবিনেটৰ এটা উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ১ জানুৱাৰিৰ পৰা এই নতুন বৰ্ধিত হাৰৰ বানচ লাভ কৰিব কৰ্মচাৰীসকলে।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত প্ৰায় ৪৮.৪১ লাখ কৰ্মচাৰী আৰু ৬১.১৭ লাখ পেন্সনাৰ উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে চৰকাৰী সূত্ৰই।

মুদ্ৰাস্ফীতিৰ সৈতে সংগতি ৰাখি সময়ে সময়ে এনেদৰে চৰকাৰী কৰ্মচাৰী সকলৰ বানচ বৃদ্ধি কৰি আহিছে চৰকাৰে।

স্মৰ্তব্য যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলীৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে।