NORTHEAST NOW (Assamese)
অসম

কোকিলাৰ চাকলাত ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় ৩৫ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

Posted by: ইযাছিন আলী June 12, 2018 1:13 pm
kokila

আজি পুৱা বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা জামে মছজিদৰ সন্মুখত ছাদ্দাম হুছেইন নামৰ এগৰাকী কাপোৰৰ দোকানীৰ দোকানত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে ভষ্মীভূত কৰে তিনিখনকৈ দোকান।

ঘটনা সন্দৰ্ভত কাপোৰৰ দোকানসহ ছলমান আলীৰ মনোহাৰী- কম্পিউটাৰৰ দোকান, মহিদুল ইছলামৰ চাহৰ দোকান আৰু মছজিদৰ কোঠালী এটা ভষ্মীভূত হয়। অগ্নিকাণ্ডটোত এটা  ফ্ৰীজ, উচ্চ ক্ষমতা সম্পন্ন বেটাৰী, কম্পিউটাৰ, জেৰক্স মেচিন আৰু লগতে অন্যান্য বহু সামগ্ৰী ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পুৱাতে সংঘটিত এই অগ্নিকাণ্ডটোৰ ফলত ওচৰৰ মছজিদৰ লগতে স্থানীয় কেইবাটাও পৰিয়ালৰ বিদ্যুতৰ বোৰ্ড জ্বলি যায়। অগ্নিকাণ্ডত প্ৰায় ৩৫ লাখ টকাৰ সা-সম্পত্তি ভষ্মীভূত হৈছে বুলি আনুমাণিকভাৱে প্ৰকাশ কৰিছে ভুক্তভোগী সকলে।

অৱশ্যে পাছত স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই  নুমাৱাবলৈ সক্ষম হয়। ফলত বৃহৎ ক্ষয়- ক্ষতিৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো।ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আনহাতে ব্যাপক পৰিমাণৰ ক্ষয়- ক্ষতিৰ সন্মুখীন হোৱা পৰিয়াল কেইটাই এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে।