NORTHEAST NOW (Assamese)

কোকৰাঝাৰত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ আনুষ্ঠানিক শুভাৰম্ভ

January 31, 2018 5:40 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰৰ পৌৰ এলেকা সমূহত নিৰ্মাণ হ’ব লগীয়া প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ সমূহৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

বিটিচিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই শান্তিনগৰত এই ইন্দিৰা আৱাস যোজনা গৃহৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ বিপৰীতে কোকৰাঝাৰৰ হাতীমতাত বিটিচিৰ কাৰ্যনিৰ্বাহক সদস্য দনেশ্বৰ গয়াৰিয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানটোত কোকৰাঝাৰ নগৰ পালিকা ব’ৰ্ডৰ সঞ্চালক বিষ্ণু নাৰ্জাৰী, বিটিচি নগৰ উন্নয়ন বিভাগৰ মুৰব্বী বি স্বৰ্গিয়াৰী উপস্থিত থাকে।

কোকৰাঝাৰ নগৰ পালিকাৰ সঞ্চালক বিষ্ণু নাৰ্জাৰীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত কোকৰাঝাৰ নগৰত ১৫৬১ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ’ব বুলি কোৱাৰ লগতে প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত ২১৭ গৰাকী হিতাধিকাৰীক নিৰ্বাচিত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ আঁচনিখন ২০১৫ চনৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে নগৰত বাস কৰা দৰিদ্ৰ লোকসকলক এটি গৃহ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছিল। ২০২২ চনৰ ভিতৰত নগৰ এলেকাত বাস কৰা দৰিদ্ৰ আৰু কম উপাৰ্জন কৰা লোক সকলক গৃহ প্ৰদানৰ লক্ষ্যৰে এই আঁচনিখন হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে।

Related News