NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত পৰম্পৰাগত ধৰ্মীয় আচাৰেৰে দেৱী সৰস্বতীক পূজা-অৰ্চনা

Posted by: ৰিনয় বসুমতাৰী January 22, 2018 12:12 pm

ৰাজ্যৰ সৰ্বত্ৰে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীক পূজা অৰ্চনা কৰাৰ দৰে বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰতো দেখিবলৈ পোৱা গৈছে অনুকুল এক পৰিবেশ।

কোকৰাঝাৰৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত সৰস্বতীৰ পূজাৰ আয়োজন কৰা হৈছে। ৰাতিপুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে সাজি কাচি বিদ্যালয়লৈ আহে আৰু পূজাৰ আয়োজনত ব্যস্ত হৈ পৰে।

সৰস্বতী পূজাৰ আজি এক ব্যতিক্ৰমী দৃশ্য দেখা গ’ল কোকৰাঝাৰ ইউ এন একাডেমী বিদ্যালয়ত। এই বিদ্যালয়ত জ্ঞানৰ দেৱী  সৰস্বতীক বড়োৰ দখনা পৰিহিত দেৱী হিচাপে সজাই বাথৌ ধৰ্মীয় পদ্ধতিৰে পূজা অৰ্চনা কৰা  পৰিলক্ষিত হৈছে।

ছাত্ৰ আৰু শিক্ষক সকলে বিদ্যালয় খনৰ চৌহদ আৰু  মণ্ডপ সুন্দৰ ভাৱে সজাই  দেৱীক প্ৰাৰ্থনা কৰাত ব্যস্ত হৈ পৰিছে ।

আনহাতে, চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমুহতো ছাত্ৰ আৰু শিক্ষকসকল পূজাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে মনৰ কামনা পুৰণ হোৱাৰ উদ্দেশ্যে দেৱী সৰস্বতীক পূজা অৰ্চনা কৰিছে।