NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত আটক দুই এন ডি এফ বি (স)ৰ সদস্য

Posted by: ৰিনয় বসুমতাৰী July 26, 2018 9:23 am
কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত আটক দুই এন ডি এফ বি (স)ৰ সদস্য

বুধবাৰে কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই ৰেজিমেণ্টৰ বেটেলিয়নে সৰলভঙাত যুটীয়া অভিযান চলাই দুজনকৈ এন ডি এফ বি(স) গোটৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।

 

সেনা-আৰক্ষীৰ জালত পৰা দুজনৰ ভিতৰত এজন এনডিএফবি(এচ)ৰ স্বয়ম্ভু চাৰ্জেণ্ট তথা কোকৰাঝাৰ জিলাৰ প্লেটুন কামাণ্ডাৰ তথা বইটাবিল, চেৰফাংগুৰীৰ বাসিন্দা দিকুম বসুমতাৰী ওৰফে বি দেৰহাছাৎ (২৭)বুলি যুটীয়া অভিযানটোত নেতৃত্ব প্ৰদান কৰা কোকৰাঝাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ পৰা জানিব পৰা গৈছে।

আনহাতে আনগৰাকী ধৃত এন ডি এফ বিৰ লিংকমেন পশ্চিমবংগৰ কুমাৰগ্ৰামৰ আলিপুৰদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰাপুলি গাঁৱৰ নিৱাসী অবি বসুমতাৰী পুত্ৰ  জিবিয়াৰ বসুমতাৰী (২১) বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আনহাতে সেনা-আৰক্ষীয়ে ধৃত সদস্য কেইজনৰ পৰা পাঁচ ৰাউণ্ড সজীৱ গুলীৰ সৈতে এটা ৭.৬৫ এম এম পিষ্টল আৰু ৮ ৰাউণ্ড সজীৱ গুলীৰ সৈতে এটা ৮ এম এম পিষ্টল, দুটা চাইনিজ হেণ্ড গ্ৰেণেড আৰু চিম কাৰ্ডৰ সৈতে মোবাইল উদ্ধাৰ কৰে বুলি আৰক্ষী সূত্ৰৰ পাৰ জানিব পৰা গৈছ।

উল্লেখযোগ্য যে ধৃত এন ডি এফ বি (স)ৰ সদ্যস দিকুম বসুমতাৰী ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বিৰ ৩৯ নং বেটচৰ কেডাৰ আছিল বুলি জানিব পৰা গৈছে।