NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথৰ মৃত্যু

January 26, 2018 10:32 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথৰ বৃহস্পতিবাৰে নিশা ১০ বজাত কোকৰাঝাৰ আৰ এনবি চিকিৎসালয়ত মৃত্যু হয়।

প্ৰায় দুই দশক ধৰি সাংবাদিক জীৱনৰ সৈতে জড়িত থকা জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথৰ মৃত্যুয়ে সংবাদ জগতত এক অপূৰণীয় ক্ষতি সাধন কৰিলে।

অসমীয়া প্ৰতিদিন,আজিৰ দৈনিক বাতৰি আৰু শেহতীয়াকৈ আমাৰ অসম দৈনিক কাকতৰ সৈতেও সাংবাদিক গৰাকী  জড়িত আছিল। হোমেন বৰগোহাঞি,অজিত কুমাৰ ভূঞা,হাইদৰ হুছেইনৰ দৰে জেষ্ঠ সাংবাদিক সকলেও গোবিন্দ নাথৰ লিখনিক সন্মান জনাই আহিছিল ৷

নাথে জীৱনৰ কঠিন সময়তো সাংবাদিকৰ বৃত্তিৰ পৰা ফালৰি নাকাটি বহু প্ৰত্যাহবানকো নেওচি বাতৰি লিখি আহিছিল যদিও শেহতীয়াকৈ তেওঁ শাৰিৰীক অসুস্থতাৰ বাবে সাংবাদিক জীৱনৰ পৰা ফালৰি কাটি আছিল।

জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বিটিচিৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, এমচিএলএ আৰু বিধায়কে শোক প্ৰকাশ কৰিছে।

Related News