NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ নতুন আমুগুৰিত পথ দুৰ্ঘটনা, এজন নিহত

Posted by: ৰিনয় বসুমতাৰী March 3, 2018 10:35 pm
Road-Accident-logo

আজি নিশা কোকৰাঝাৰ নগৰৰ কোকৰাঝাৰি অঞ্চলৰ পৰা এগৰাকী বয়োজ্যেষ্ঠ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে লোকজন কোকৰাঝাৰৰ নতুন আমুগুৰিত আজি সন্ধিয়া প্ৰায় ৫.৪৫ বজাত সংঘটিত এক দুৰ্ঘটনাত পতিত হৈছিল।

বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ কোচে কয় যে নতুন আমুগুৰি পথত কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ দিশত গৈ থকা এখন বলেৰ’ গাড়ীয়ে এজন লোকক খুন্দিওৱা বুলি তেওঁ গাওঁবাসীৰ পৰা খবৰ লাভ কৰে।

আনহাতে, দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো বিচাৰি পোৱা নাছিল, পিছত কোকৰাঝাৰ নগৰৰ কাষৰ কোকৰাঝাৰিত পথৰ দাতিত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাই তেওঁক গাড়ীখনে দুৰ্ঘটনাস্থলিৰ পৰা প্ৰায় ৭ কি.মি পৰ্যন্ত চোঁচৰাই নিছিল বুলি সন্ধেহ কৰা হৈছে।

নিহত লোকজনক চিৰাং জিলাৰ কুংৰিং অশ্ৰবাৰী অঞ্চলৰ টৰেন নাৰ্জাৰী(৬০) বুলি চিনাক্ত কৰা হৈছে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ কোচে জনোৱা মতে নিহত টৰেন নাৰ্জাৰী নতুন আমুগুৰিত থকা তেওঁৰ জোৱাঁইক সঞ্জিত ৰাভাৰ ঘৰলৈ আহিছিল।

এতিয়ালৈকে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ গাড়ীখনক বিচাৰি উলিয়াব পৰা নাই বুলি উল্লেখ কৰি এছ কোচে কয় যে আৰক্ষীয়ে গাড়ীখনৰ অনুসন্ধান অব্যাহত ৰাখিছে।