NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ এছ বি আইৰ মুখ্য প্ৰৱন্ধকে উদ্বোধন কৰিলে আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ কাম

Posted by: ৰিনয় বসুমতাৰী January 20, 2018 12:37 pm

ভাৰতত বাস কৰা সকলো লোকৰ বাবে প্ৰাথমিক পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড হ’ব বাধ্যতামূলক। বেংক আৰু নিজৰ মোবাইল নংৰ লগত আধাৰ নং সংযোজনৰ বাবে সকলো বেংক একাউন্ট হল্ডাৰৰ বাবে বাধ্যতামূলক কৰি দিয়া হৈছে আধাৰ কাৰ্ড। সেই উদ্দেশ্যেৰে  আধাৰ কাৰ্ড প্ৰস্তুতৰ ব্যৱস্থা আৰম্ভ কৰিছে কোকৰাঝাৰবাসীৰ বাবে। কোকৰাঝাৰৰ মূখ্য এছ বি আই শাখাত পানা ছোচাইটিৰ সহযোগত ইউটিলিটি ফাৰ্ম প্ৰাইভেট লিমিটেডে আনুষ্ঠানিকভাৱে আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা বুলি আমাৰ সাংবাদিকে জানিবলৈ দিছে।

আধাৰ কাৰ্ড

আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়াৰ কাম শুভ উদ্ধোধন কৰে কোকৰাঝাৰ শাখা এছ বি আই বেংকৰ মূখ্য প্ৰৱন্ধকে। শুভ উদ্ধোধন কৰি কয় যে প্ৰথমতে কোকৰাঝাৰ শাখা এছ বি আই বেংকৰ যিমান একাউন্ট হল্ডাৰ আছে তেওঁলোকৰ বাবে সুবিধা প্ৰদান কৰা হ’ব আৰু অহা ৩১ মাৰ্চৰ ভিতৰত কোকৰাঝাৰ শাখা এছ বি আই বেংক সমূহত আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ হ’ব। একেদৰেই অন্য বেংকৰ শাখা সমূহতো আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা হ’ব বুলি জনাইছে ।

উল্লেখযোগ্য যে সকলো নাগৰিককে প্ৰদান কৰিবলগীয়া আধাৰ কাৰ্ড হৈছে ১২টা সংখ্যা যুক্ত এখন পৰিচয় পত্ৰ। স্মৰ্তব্য যে গ্ৰাহকসকলে আধাৰ নং সংগ্ৰহৰ বাবে নিজৰ পৰিচয়ৰ প্ৰমাণ, ফটো, আঙুলিৰ চাপ, বয়স আদি দিব লাগিব।