NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ বালাজান তিনিআলিৰ গুলীচালনাৰ নিহতক সুঁৱৰি উচুপি উঠিল আত্মীয়

Posted by: ৰিনয় বসুমতাৰী August 5, 2018 10:18 pm

২০১৬ চনৰ আজিৰ দিনটোত অৰ্থাৎ ৫ আগষ্টত কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত দুষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ১৪ জন নিৰীহ লোকৰ লগতে গুৰুতৰভাৱে আহত ১৮ জন লোকক সুঁৱৰি আজি বালাজান তিনিআলি দেবোত্তোৰ বজাৰ সমিতিৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয়।

বালাজান তিনিআলি বজাৰত অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত নিহতৰ পৰিয়ালৰ একাংশ সদস্যই মৃতকক সুঁৱৰি কান্দোনত ভাগি পৰাৰ বিপৰীতে আহতৰ একাংশই চৰকাৰৰ উদাসীনতাত ক্ষোভ ব্যাক্ত কৰে।

উল্লেখযোগ্য যে দেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পিছত ইয়ালৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু ৰাজনৈতিক নেতাৰ আগমন ঘটিছিল আৰু তেওঁলোকে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি দুবছৰ অতিক্ৰম কৰাৰ পিছত চৰকাৰে দিয়া যতসামান্য অৰ্থসাহাৰ্য্য কেতিয়াবাই উদং হোৱাত এতিয়া ভুক্তভোগীৰ পৰিয়ালবৰ্গই জীয়াতু ভোগিব লগীয়া হৈছে। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিহতৰ পৰিয়ালবৰ্গৰ নিকটাত্মীয়ক চাকৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে।

ইয়াৰ মাজতে আজিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত দুৰ্ভগীয়া পৰিয়ালবোৰৰ একাংশ সদস্য উপস্থিত থকাৰ লগতে বি পি এফৰ স্থানীয় নেতা, ভি চি ডি চি চেয়াৰমেন আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।