NORTHEAST NOW (Assamese)

ক্ৰীড়া ক্ষেত্ৰত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ধাৰাবাহিক সফলতা অৰ্জন

March 22, 2018 12:16 pm · ইয়াছিন আলী
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কাবাডী দল

বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ে ক্ৰীড়া জগতখনত ধাৰাবাহিক সফলতা লাভ কৰি আহিছে ।

যোৱা ১৮,১৯ আৰু ২০ মাৰ্চত হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয় ভিত্তিত আন্তঃমহাবিদ্যালয় কাবাডী প্ৰতিযোগীতাত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালৰ পুৰুষৰ দলে দ্বিতীয় স্থান লাভ কৰে।

ইয়াৰ পুৰ্বেও মহাবিদ্যালয়খনৰ বেডমিন্টত দলটোৱে মেঘালয়ৰ ইউ এছ টি এমত অনুষ্ঠিত বেডমিন্টত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

তাৰোপৰি অভিৰুচি ইন্সটিটিউত অব ফিজিকেল এডুকেশ্যনত  অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিত্তিত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগীতাত মহাবিদ্যালয়খনৰ ভলীবল দলে দ্বিতীয় স্থান লাভ কৰিছিল।

মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ খেলুৱৈ সকলৰ এই ধাৰাবাহিক সফলতাই বঙাইগাঁও বাসীক উৎফুল্লিত কৰি তোলাৰ লগতে  মহাবিদ্যালয়খনে স্থানীয় লোকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে।

Related News