NORTHEAST NOW (Assamese)
অসম

কয়লাৰ অবৈধ খননে ব্যাপক ৰূপ লৈছে কাৰ্বি আংলঙত : কয়লা মাফিয়াৰ পৰা নিয়মীয়াকৈ ধন পায় বিজেপি আৰু সাংবাদিকে

Posted by: এন ই নাও নিউজ January 17, 2018 2:38 pm

কাৰ্বি আংলঙত ভয়ংকৰ ৰূপত গঢ় লৈ উঠিছে অবৈধ কয়লা খনন। সমান্তৰালভাৱে কয়লা মাফিয়াৰ চক্ৰই বৃদ্ধি কৰিছে নিজৰ প্ৰভাৱ। অ’ত-ত’ত গঢ় লৈ উঠা ইটাভাতী আৰু তেনেকুৱা আন আন উদ্যোগ তথা চুবুৰীয়া নাগালেণ্ড ৰাজ্যৰ অনুৰূপ উদ্যোগবোৰত সৃষ্টি হোৱা কয়লাৰ বৰ্ধিত চাহিদাৰ গইনা লৈ জিলাখনত অবৈধ কয়লাৰ এই ৰমৰমীয়া ব্যৱসায় চলাই নিছে কয়লা মাফিয়াই। জানিব পৰা মতে জিলাখনৰ  লুমবেজং অঞ্চলতে আছে ১১ টাকৈ ইটাভাতী।

এই কয়লা মাফিয়াই নিজৰ ব্যৱসায় সুৰক্ষিত কৰি ৰাখিবৰ বাবে ৰাজনৈতিক মহল, বিশেষকৈ শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ নেতা-পালিনেতাক হাতত ৰখাৰ লগতে নিয়মীয়াকৈ ধনৰ যোগান ধৰি আহিছে। ইয়াৰোপৰি সাংবাদিককো মেনেজ কৰি থয় এই কয়লা মাফিয়াসকলে। অভিযোগ পোৱা মতে ৰাজনৈতিক দলৰ বাবে বৰঙনি সংগ্ৰহ বন বিভাগৰ জৰিয়তেই হয়। প্ৰতি ট্ৰাক অবৈধ কয়লাৰ বিনিময়ত কয়লা মাফিয়াই বন বিভাগক ৩ হাজাৰকৈ টকা দিয়ে। ইয়াৰোপৰি নীৰৱ দৰ্শক হৈ থাকিবৰ বাবে প্ৰতিজন সাংবাদিকক দিয়ে ২ লাখ ৫০ হাজাৰকৈ টকা।

এক তথ্যমতে কেৱল কাৰ্বি আংলঙতে আছে প্ৰায় ১৮ খন থলুৱাভাৱে প্ৰকাশিত বাতৰি কাকত। এই কাকতবোৰৰ বেছিভাগ প্ৰয়োজনীয় নিম্নতম মান তথা নিয়মাৱলী ৰক্ষা কৰি কেৱল ৰাজনৈতিক আৰু চৰকাৰী আঁচনি আদিৰ সুবিধা আদায় কৰিবলৈকে প্ৰকাশ কৰা হয়। লগতে আছে সংবাদ প্ৰতিষ্ঠান হিচাপে এনেকুৱা দুষ্টচক্ৰ, দালাল আদিৰ পৰা সুবিধা আদায় কৰাৰ লক্ষ্য। অৱশ্যে সকলো সাংবাদিকে এই বৰঙনি পায় নে নাপায় সেই কথা সূত্ৰটোৱে স্পষ্ট কৰা নাই।

উল্লেখযোগ্য যে অলপতে জিলাখনৰ লাংমিলিত কয়লাৰ অবৈধ খনন বন বিভাগৰ দ্বাৰা বন্ধ কৰি দিয়া হৈছিল। যোৱা ২০ ডিচেম্বৰত বন বিভাগৰ দ্বাৰা এই অভিযান চলোৱা হৈছিল। ইয়াৰোপৰি ২১ ডিচেম্বৰৰ পুৱা বন বিভাগে খটখটীত অবৈধ কয়লা ভৰ্তি ৫ খন দহচকীয়া ট্ৰাক ৰেডিয়েণ্ট মেনুফেকচাৰৰ প্ৰাইভেট লিমিটেড (এটা মদ প্ৰস্তুতকৰ্তা কোম্পানী)ৰ চৌহদত দেখা পাই তাৰ কৰ্মচাৰীক প্ৰশ্ন কৰে। তেতিয়া তেওঁলোকক কোৱা হয় যে কয়লাখিনি বোকাজানৰ মহন্ত উপাধিৰ এজন সাংবাদিকৰ। তাৰ পাছত বন বিভাগে ট্ৰাককেইখন তাতে এৰি যায়।

যোৱা ১১ ডিচেম্বৰতো অনুৰূপ ধৰণে মাঞ্জা চেণ্ট্ৰেল ৰেঞ্জৰ এ চি এফ বিক্ৰম সিং ৰংপিৰ নেতৃত্বত চলা এটা অভিযানত কেইবা টনো অবৈধ কয়লাৰ ট্ৰাক ধৰা পৰিছিল। কিন্তু আশ্চৰ্য্যৰ বিষয় যে এই কয়লাখিনি পিছত কৃষি বিভাগৰ চৰকাৰী উদ্যান শস্যৰ পাম এখনৰ ভিতৰত মজুত কৰা দেখা যায়।

এইবোৰ ঘটনাই প্ৰমাণ কৰে যে সাংবাদিক আৰু শাসনাধিষ্ঠিত দলৰ লগত কয়লাৰ মাফিয়াৰ সু-সম্পৰ্ক আছে। লক্ষণীয়ভাৱে কংগ্ৰেছৰ শাসন চলি থকা সময়তো এই কয়লা মাফিয়াসকলে কংগ্ৰেছী নেতা-পালিনেতাৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি নিজৰ ব্যৱসায়ৰ বাট খোলা ৰাখে।