NORTHEAST NOW (Assamese)
অসম

কৰ্মচাৰীৰ অভাৱত অচল সৰভোগ ডাকঘৰ : বিভিন্ন সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী ৰাইজ

Posted by: ইয়াছিন আলী April 25, 2018 6:42 pm
sorbhog

ডাক সেৱা,ক্ষুদ্ৰ সঞ্চয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত পাৰ্চেলৰ আদান- প্ৰদানৰ প্ৰয়োজনীয় চৰকাৰী মাধ্যম এই ডাক সেৱা। কিন্তু এই ডাক সেৱাই প্ৰকৃততে বাৰু কিমান উপকৃত কৰিছে ৰাইজক। ডাক সেৱাৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে ৰাইজ তাৰে এক বাস্তৱ ছবি প্ৰতিফলিত হৈছে সৰভোগত।

এজন মাত্ৰ বিষয়াই চলাই থকা এটা ডাক ঘৰ, বৰপেটা জিলাৰ বৰনগৰৰ সৰভোগৰ এই ডাক ঘৰটোত নাই পৰ্যাপ্ত কৰ্মচাৰী। কৰ্মচাৰীৰ অভাৱত সৰভোগ ডাকঘৰৰ কাম-কাজ সম্পূৰ্ণ অচল হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উপভোক্তা, গ্ৰাহকৰ কিছুমানে নিজৰ নিজৰ প্ৰয়োজনীয় কাম কৰিব পৰা নাই আৰু  আন কিছুমানে নিজৰ প্ৰাপ্য জমাধন উলিয়াব নোৱাৰি বিমোৰত পৰিছে।

প্ৰতিদিনে অতি ব্যস্ত এই ডাকঘৰটো মূলতঃ কৰ্মচাৰীৰ অভাব, অনুন্নত আহিলা, প্ৰয়োজনীয় আচবাব পত্ৰৰ অভাৱ, প্ৰায়ে লিংক ব্যৱস্থা বিচ্ছিন্ন হোৱা আদি বহু সমস্যাৰে জৰ্জৰিত হৈ আছে।

sorbhog 2

সাংবাদিকে ৰাইজৰ দুৰ্দশাৰ কাৰণ সম্পৰ্কত জানিব বিচৰাত ডাক ঘৰটোৰ ডাক অধিকৰ্ত্তা (পোষ্ট মাষ্টৰ) ধ্ৰুৱজ্যোতি দাসে জনায় যে প্ৰয়োজনতকৈ যথেষ্ট কম হোৱা সত্বেও কাৰ্যালয়টোত তিনি গৰাকী কৰ্মচাৰীৰে কাম-কাজ চলাই থকা হৈছে।  কেইমাহমানৰ আগতেই কম্পিউটাৰ অপাৰেটৰ গৰাকীক ইয়াৰ পৰা অন্য ঠাইলৈ বদলিৰ নিৰ্দেশ দিয়ে। তাৰ পিচতেই যোৱা ১৭ মাৰ্চত ডাকঘৰটোত থকা একমাত্ৰ কাৰ্যালয় সহায়ক গৰাকীকো কলগাছিয়ালৈ লৈ যোৱাত ৰৈ থাকিল মাত্ৰ ডাক অধিকৰ্ত্তা গৰাকী।

১১ টা শাখাৰ কাম চলাব লগীয়া এই ডাকঘৰটোৰ জৰিয়তে লাখ লাখ টকাৰ লেনদেন হয়। তদুপৰি এন এছ চি, কে ডি পি, টি ডি আদিৰ জৰিয়তে উপভোক্তা ৰাইজে নিজৰ নিজৰ সাঁচতীয়া ধন জমা ৰাখে। কিন্তু অকলশৰীয়া ডাক অধিকৰ্ত্তা গৰাকীয়ে অকলেই সকলো কাম চম্ভালিবলগীয়া হোৱাত নিৰুপায় হৈ এতিয়া তেওঁ ডাকঘৰটোৰ কাম-কাজ সম্পূৰ্ণ বন্ধ কৰি দিবলৈকে উদ্যত হৈছে।

বিষয়া গৰাকীৰ লগতে সচেতন ৰাইজ তথা গ্ৰাহকে অনতিপলমে ডাকঘৰটোত কৰ্মচাৰী নিয়োগ কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছে।