NORTHEAST NOW (Assamese)

খচৰা নাগা চুক্তিৰ ব্যাপক প্ৰতিবাদ হাফলঙত, আৰ এছ এছ নেতাক গ্ৰেপ্তাৰৰ দাবী

January 22, 2018 6:17 pm · পংকজ কুমাৰ দেব
Updated: January 22, 2018 6:25 pm
আৰ এছ এছ নেতাৰ খচৰা নাগা চুক্তিৰ প্ৰতিবাদ হাফলঙত

আৰএছএছ নেতা জগদম্বা মালে প্ৰকাশ কৰা খচৰা নাগা চুক্তিক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলা। খচৰা চুক্তিৰ প্ৰতিবাদত ডিমা হাচাওৰ বিভিন্ন দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদে আজি হাফলঙৰ ৰাজপথ কঁপাই তোলে।

আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি ডিমাচা ছাত্ৰ ইউনিয়নৰ সভাপতি সিদুত নাইডিঙে কয় যে, ‘যদি আৰএছএছ নেতা জগদম্বা মালে কৰা মন্তব্য সঁচা নহয় তেতিয়াহ’লে আৰএছএছৰ ফালৰ পৰা কিয় এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই? কিয় নিমাত চৰকাৰ?’

নাইডিঙে লগতে কয় নাগালিম ইছ্যুক লৈ চৰকাৰৰ ষড়যন্ত্ৰ কেতিয়াও মানি লোৱা নহ’ব। তেওঁ কয় যে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ২৪ জানুৱাৰীৰ ভিতৰত বিষয়টোৰ ওপৰত লিখিত স্পষ্টীকৰণ নিদিলে ২৫ জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে ডিমা-হাচাও বন্ধ ঘোষণা কৰা হ’ব।

হাফলঙৰ লালফিল্ডৰ পৰা ওলাই সমদলটো উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয়। কাৰ্য্যালয়ৰপৰা ওলাই আহি প্ৰতিবাদী ৰাইজৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ উপায়ুক্তই অস্বীকাৰ কৰাত প্ৰতিবাদী ৰাইজে উপায়ুক্ত কাৰ্য্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে আৰ এছ এছ নেতা জগদম্বা মালক গ্ৰেপ্তাৰৰ দাবী তুলি আৰ এছ এছ গ’ বেক ধ্বনি দিয়ে।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন চিইএম দেপ’লাল হোজাই আৰু অগপ নেতা তথা প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচাৰ উপৰি বিভিন্ন সামাজিক সংগঠন আৰু সাধাৰণ ৰাইজেও আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।

আনহাতে স্বায়ত্তশাসিত পৰিষদৰ চিইএম, বিজেপি নেতা দেবলাল গাৰ্লচায় চৰকাৰৰ ওপৰত তেওঁৰ বিশ্বাস আছে বুলি উল্লেখ কৰি কয় যে ডিমাহাচাও কেতিয়াও নাগালিমত অন্তৰ্ভুক্ত নহয়।

অৱশ্যে আৰএছএছ নেতা জগদম্বা মালে এনেদৰে খচৰা প্ৰকাশ কৰা ঠিক হোৱা নাই বুলি উল্লেখ কৰি চিইএমজনে কয় যে বিৰোধী ৰাজনৈতিক দলসমূহে ৰাইজৰ সহানুভুতি লাভ কৰাৰ লক্ষ্যৰে এই ষড়যন্ত্ৰ কৰিছে আৰু সেয়ে অগপ নেতা প্ৰকান্ত ৱাৰিচা, কংগ্ৰেছ নেতা দেপ’লাল হোজাই আদিয়ে সমদলত অংশ লৈছে।

Related News