NORTHEAST NOW (Assamese)

প্ৰসাদত বিষক্ৰিয়া ঘটি কাৰ্বি আংলং জিলাৰ কামপুৰিয়া গাঁৱৰ ৬০ গৰাকীৰো অধিক লোক অসুস্থ

April 29, 2018 10:05 pm · নংনী টেৰাং
Updated: April 29, 2018 10:16 pm

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত কামপুৰিয়া গাঁৱত খাদ্যত বিষক্ৰিয়া ঘটি গাঁৱখনৰ ৬০গৰাকীৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে শনিবাৰে কামপুৰিয়া গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা ভাগৱত পাঠত বিতৰণ কৰা প্ৰসাদ খোৱাৰ পাছতে গাঁওখনৰ লোকসকল হঠাতে অসুস্থ হৈ পৰে।

খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰা শিশু, মহিলা আৰু পুৰুষসকলক ততাতৈয়াকৈ ৩০খন বিছনাযুক্ত হাওৰাঘাট চিকিৎসালয়, ডিফু অসামৰিক চিকিৎসালয় আৰু ডোকমোকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে চিকিৎসাধীন ৯ গৰাকী লোকক কিছু সময়ৰ পাছতে চিকিৎসা প্ৰদান কৰি ঘৰলৈ ওভটাই পঠোৱা হয়।

উল্লেখ্য যে আজি ৰাতিপুৱা ১০ বজাতহে এই ঘটনা পোহৰলৈ আহে। অৱশ্যে কিছু লোক স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰা লোকসকলৰ অৱস্থাৰ বুজ ল’বলৈ আজি চিকিৎসালয়ত উপস্থিত হয় অতিৰিক্ত উপায়ুক্ত জোনমণি সোণোৱাল।

ঘটনা সন্দৰ্ভত উপায়ুক্ত মৃণাল কুমাৰ মহন্তই নৰ্থ ইষ্ট নাওক জানিবলৈ দি কয়-‘জিলা প্ৰশাসনৰ অনুমতি অবিহনে গাঁৱবাসীয়ে নামঘৰত ভাগৱত পাঠৰ আয়োজন কৰিছিল। অতি বিষাক্ত দ্ৰব্য সম্বলিত বুট মাহ  খোৱাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সন্দৰ্ভত বুট মাহ যোগান ধৰা ব্যৱসায়ীৰ বিৰুদ্ধে আমি প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছো’।

তেওঁ লগতে কয়, ‘খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ অতিৰিক্ত উপায়ুক্তক নিৰ্দেশ দিছো। ভাগৱত পাঠ কাৰ্যসূচীত অংশ লোৱা অধিকাংশ লোকে প্ৰসাদ খোৱাৰ ফলতে অসুস্থ হৈ পৰিছে আৰু কিছু লোক অসুস্থ হোৱা নাই। এই চিকিৎসাধীন লোকসকলক চিকিৎসকে যথাসম্ভৱ চিকিৎসা প্ৰদান কৰি আছে’।

আনহাতে স্থানীয় বিধায়ক জয়ৰাম ইংলেঙেও ঘটনাৰ বুজ ল’ব বুলি জানিব পৰা গৈছে।

Related News