NORTHEAST NOW (Assamese)
ম্যানমাৰ

খ্ৰীষ্টধৰ্মীয় উৎসৱ ইষ্টাৰৰ পূৰ্বেই ঘৃণা, অন্যায়, নৃগোষ্ঠীয় সংঘাত এৰাৰ বাবে দেশবাসীক আহ্বান ম্যানমাৰৰ কেথলিক কাৰ্দিনেল চাৰ্লছ ব’ৰ

Posted by: এন ই নাও নিউজ March 28, 2018 8:52 pm
Cardinal-Bo

খ্ৰীষ্টধৰ্মীয় উৎসৱ ইষ্টাৰৰ পূৰ্বেই লাখ লাখ লোকক হতাশা আৰু আশাহীনতাত বন্দী কৰা ঘৃণা, অন্যায় আৰু নৃগোষ্ঠীয় সংঘাত আঁতৰাবৰ বাবে ম্যানমাৰৰ কেথলিক কাৰ্দিনেল চাৰ্লছ ব’ৱে দেশবাসীক আহ্বান জনাইছে।

মিজিমা নিউজৰ প্ৰতিবেদন অনুসৰি ভেটিকান নিউজৰ মতে ইষ্টাৰৰ প্ৰাক মুহূৰ্তত জাৰি কৰা এক বিবৃতিত ম্যানমাৰৰ প্ৰখ্যাত কেথলিক গীৰ্জা নেতাজনে এই আহ্বান জনাইছে।

ইষ্টাৰ ২০১৮ৰ বাবে দিয়া বাৰ্তাত য়েংগনৰ আৰ্কবিশ্বপজনে কয়, ‘আমাৰ ব্যক্তিগত জীৱন আৰু আমি বাস কৰা সমাজৰ বাধাসমূহ গুচোৱাটোৱেই ইষ্টাৰ।’

২০১৭ চনৰ নৱেম্বৰত ম্যানমাৰ ভ্ৰমণৰ সময়ত প’প ফ্ৰেন্সিচে মন্তব্যৰ উদ্ধৃতি দি সমাজৰ প্ৰত্যেকৰে মৰ্য্যাদা আৰু অধিকাৰৰ প্ৰতি সহমৰ্মি, সহ্যশীল, ক্ষমাশীল, ন্যায়শীল আৰু সন্মানদায়ী হ’বলৈ ৬৯ বছৰীয়া কাৰ্দিনেলে দেশবাসীক উৎসাহ যোগাইছে।