NORTHEAST NOW (Assamese)
অসম

গঁড় হত্যাৰ আঁৰত জড়িত বন বিভাগৰ কৰ্মচাৰী: বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

Posted by: এন ই নাও নিউজ February 12, 2018 3:50 pm
Pramila

শনিবাৰে বিশ্বনাথ চাৰিআলিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পলোকাটা টাপুত সংঘটিত হোৱা গঁড় হত্যাৰ আঁৰত বন বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। দেওবাৰে নিশা উক্ত অঞ্চলত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য কৰে।

শনিবাৰে কাজিৰঙাৰ উক্ত অঞ্চলত  বন বিভাগৰ অসতৰ্কতাৰ সুযোগ লৈ চোৰাংচিকাৰীয়ে এটা গঁড় হত্যা কৰি খড়্গ কাটি লৈ যোৱাত ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন চৰ্চা হোৱা পৰিলক্ষিত হৈছিল। সেয়েহে উক্ত অঞ্চল পৰিদৰ্শনৰ বাবে দেওবাৰে বন মন্ত্ৰী ব্ৰহ্ম বিশ্বনাথ চাৰিআলিত উপস্থিত হয়।

পলোকাটা টাপুত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে কয় যে বন্য প্ৰাণী হত্যাৰ আঁৰত বন বিষয়াসকল জড়িত আছে। তেওঁ লগে লগে কাজিৰঙাৰ বন মণ্ডল বিষয়াক উত্তৰ ৰেঞ্জৰ বন বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

সম্পূৰ্ণ ২০০ মিটাৰ বনাঞ্চলে আৱৰা ষষ্ঠ সংযোজনৰ পলোকাটা টাপু অঞ্চল পৰিদৰ্শন কৰি বন মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে ৰাইজক আশ্বাস প্ৰদান কৰিছিলো যে আমি বন্য প্ৰাণীক সকলো ধৰণে সুৰক্ষিত কৰিম, কিন্তু কিছুমান বন বিষয়াৰ বাবে আমি এই প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হ’বলৈ গৈ আছো’।

ইয়াৰ উপৰি তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বন কৰ্মীসকলে বন্য প্ৰাণী সমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তথা নিজৰ নিজৰ দায়িত্ব পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

গঁড়টোক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰি খড়্গ কাটি লৈ যোৱা বুলি জানিবলৈ দিয়ে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।