NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া কৰা হৈছে মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা

Posted by: এন ই নাও নিউজ January 24, 2018 10:22 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

গণৰাজ্য দিৱসলৈ মাজত মাথো দুটা দিন। সেয়েহে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো দুস্কৃতিকাৰীয়ে যাতে কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষীয়ে বিভিন্ন নিৰাপত্তামূলক ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে। মহানগৰীৰ ৰাজপথ, ৰেইল ষ্টেচন, বিমানবন্দৰ, জাহাজঘাট আদিত আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি থাকিব গণৰাজ্য দিৱসৰ দিনালৈ।

মহানগৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলে মহানগৰীৰ বিভিন্ন স্থানত যান-বাহন সমূহত তন্ন তন্নকৈ তালাচী চলোৱাৰ লগতে গুৱাহাটীত প্ৰৱেশ কৰা সকলো ধৰণৰ বাহনৰ ওপৰতে চোকা নজৰ ৰাখিছে বুলি মহানগৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি উজনি-নামনি অসমৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰা ৰেল যাত্ৰীৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে। চৰকাৰী ৰেল আৰক্ষী আৰু ৰেইলৱে আৰক্ষী বাহিনীয়ে গুৱাহাটী ষ্টেচনৰ ৰেইল লাইন, প্লেটফৰ্ম আৰু প্ৰতিখন ৰেইলৰে দবাৰ নিৰাপত্তা সুদৃঢ় কৰাৰ লক্ষ্যৰে ডগ স্কোৱাড লৈ তালাচী অভিযান অব্যাহত ৰাখিছে।

গুৱাহাটী ৰেইল ষ্টেচনৰ সুৰক্ষা সন্দৰ্ভত ৰেইল আৰক্ষীয়ে কয় যে তেওঁলোকে নিৰাপত্তা সন্দৰ্ভত কোনো ধৰণৰ  খুটি নাটি নেৰে। মনকৰিবলগীয়া যে ষ্টেচনৰ কিছু কাৰিকৰী বিজুতিৰ ফলত কিছু অসুবিধাৰ সন্মুখীন হোৱা বুলি ৰেইল আৰক্ষীয়ে কয়।

আনহাতে গুৱাহাটীৰ দাঁতিকাষৰীয়া স্পৰ্শকাতৰ অঞ্চলসমূহৰ সুৰক্ষাৰ বাবে গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানাই তেওঁলোকৰ অন্তৰ্গত নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ সৈতে আলোচনাত মিলিত হৈ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

ইফালে মহনগৰ যান-বাহন আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত নাকা চেকিং গঢ়ি তোলা বুলিও জানিবলৈ দিয়ে।