NORTHEAST NOW (Assamese)

গামোচাত অংকন কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰতিচ্ছবি

January 27, 2018 12:22 pm · শশাংক তালুকদাৰ
Updated: January 27, 2018 12:35 pm

অসমীয়া জাতি তথা অসমীয়াৰ সুকীয়া পৰিচয় বহন কৰি অহা গামোচাত অংকন কৰিছে এগৰাকী অভিনেত্ৰীৰ প্ৰতিচ্ছবি। বৰপেটা জিলাৰ বিদ্যুত মণ্ডল নামৰ যুৱকজনে এই অনন্য প্ৰতিভাৰ উমান দিছে।

অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ তথা বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ এখন প্ৰতিচ্ছবি এইদৰে শিল্পী মণ্ডলে গামোচাত অংকন কৰি উলিয়াইছে। চিত্ৰ শিল্পক লৈ সৰুৰে পৰা অদম্য হেপাহ থকা বিদ্যুতে নিতৌ ন ন সৃষ্টি ৰাজিৰে সকলো চিত্ৰপ্ৰেমীৰে হৃদয় জিনিবলৈ সক্ষম হৈছে।

আৰ্থিকভাবে জুৰুলা পৰিয়ালৰ সদস্য বিদ্যুত মণ্ডল বৰ্তমান এজন অধ্যয়নৰত ছাত্ৰ। লক্ষ্যণীয় যে নিজৰ জীৱিকা তথা পৰিয়ালক পোহ পাল দিয়াৰ বাবে মণ্ডলে কাম কৰিবলগীয়া হৈছে বৰপেটাৰ হাব ষ্টুডিঅ’ত। তথাপিও যেণ ঠমকি ৰ’বলৈ দিয়া নাই নিজৰ প্ৰতিভা।

শিল্পীগৰাকীৰ একেবাৰে আপোন কেইজনমান বন্ধুৱে গামোচাত অংকন কৰা বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰতিচ্ছবি চিত্ৰ ছ’ছিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে চিত্ৰশিল্পী বিদ্যুত মণ্ডলৰ প্ৰতিভাৰ জয়গান।

লক্ষ্যণীয় যে অসমৰ পৰ্যটনক্ষেত্ৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে দুবছৰ পূৰ্বেই বলিউদ তথা হলিউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্তি দিছিল।

Related News