NORTHEAST NOW (Assamese)
অসম

গাৰো পাহাৰ বিস্ফোৰণৰ প্ৰত্যক্ষদৰ্শী বেঞ্জামিন মাৰাক : ‘বিস্ফোৰণটো আমাৰ মুখৰ আগতে ঘটিছিল’ ‘মাটিত পেট পেলাই পৰি’ আছিলো

Posted by: চাইদুল খান February 19, 2018 11:29 pm
The-vehicle-which-was-hit-by-an-explosion-in-East-Garo-Hills

মেঘালয়ৰ ৱিলিয়ামনগৰ সমষ্টিৰ এন চি পি প্ৰাৰ্থী জনাথন চাংমা আৰু তিনিজন লোকে প্ৰাণ হেৰুওৱা পূব গাৰো পাহাৰত দেওবাৰে গধূলি হোৱা প্ৰচণ্ড বিস্ফোৰণৰ প্ৰত্যক্ষদৰ্শী, জনাথনৰ সমৰ্থক বেঞ্জামিন মাৰাকৰ ভাষ্য সংগ্ৰহ কৰিছে এন ই নাও-এ।

কালি কোনো গুলীচালনা হোৱা নাছিল বুলি উল্লেখ কৰি বেঞ্জামিনে এন ই নাও-ক জনায় যে জনাথন চাংমা আহি থকা চাৰিখনীয়া গাড়ীৰ দলত ‘মই শেষৰ গাড়ীখনত আছিলো আৰু বিস্ফোৰণটো আমাৰ মুখৰ আগতে ঘটিছিল|’

‘বোমাটো বিস্ফোৰিত হোৱাৰ পিছত’ ‘গুলী চলাৰ আশংকা কৰি’ তেওঁলোক ‘মাটিত পেট পেলাই পৰি’ ৰৈছিল বুলি জনাই তেওঁ কয় যে ‘গুলীচালনা নোহোৱা দেখি আমি লগে লগে আমাৰ প্ৰাৰ্থীৰ গাড়ীখনলৈ দৌৰি গ’লো।’

তেওঁ জনোৱা মতে ‘পাইলট গাড়ীখন মাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু ঘটনাটোৰ পিছতে পাইলট জিপচিখন তাৰ পৰা নোহোৱা হৈছিল’।

তেওঁ জনাই যে চাংমা যোৱা গাড়ীখনত ৭ জন লোক আছিল আৰু বিস্ফোৰণটোত জনাথনকে ধৰি তিনিজন ঠাইতে নিহত হৈছিল।

পিছত তেওঁলোকেই আৰক্ষীক ঘটনাস্থলীলৈ মাতে আৰু বিস্ফোৰণটোত হতাহত হোৱাসকলক ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় বুলি তেওঁ জনায়।

তাৎপৰ্য্যপূৰ্ণ যে এখন গাঁৱৰ ৰাইজে তেওঁলোকক গাওঁখনলৈ সভা অনুষ্ঠিত কৰাৰ বাবে মাতিছিল কিন্তু পিছত তেওঁলোক গৈ তাত কোনো মানুহ দেখা পোৱা নাছিল।

বেঞ্জামিনে জনাইছে যে দেওবাৰে ‘চাৱিলগ্ৰে গাঁৱৰ মানুহবিলাকে আমাক মতা বাবে আমি তালৈ গৈছিলো। কিন্তু গৈ দেখো সভা অনুষ্ঠিত হ’ব লগা ঠাইত কোনো নাই। সভাখন ৰাজহুৱা খেলপথাৰত আছিল আৰু তাত চকী আদিও ঠিকমতে ৰখা হৈছিল, কিন্তু মানুহহে কোনো নাছিল।’

‘জনাথনক ভোট নিদিবলৈ ভাবুকি দি প’স্তাৰ লগোৱাৰ কথা শুনি’ তেওঁলোক ‘দৰাকগ্ৰে’ নামৰ গাওঁখনলৈ ‘ৰাইজক ভয় নাখাবলৈ’ ক’বলৈ গৈছিল।

উল্লেখযোগ্য যে জনাথনক ভোট নিদিবলৈ ভাবুকি দিয়া বিভিন্ন বেনামী প’স্তাৰ সমষ্টিটোৰ বিভিন্ন ঠাইত  দেখিবলৈ পোৱা গৈছিল।