NORTHEAST NOW (Assamese)
অসম

গিৰীয়েকৰ সন্মুখতে পত্নীক দলবদ্ধ ধৰ্ষণ ৮ টাকৈ নৰাধমৰ

Posted by: এন ই নাও নিউজ March 16, 2018 6:03 pm
ধৰ্ষণ

ৰাজ্যখনত যে ক্ৰমান্বয়ে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে তাকে প্ৰমাণ কৰি শুকুৰবাৰে পুৱা নগাঁৱৰ কামপুৰত এগৰাকী মহিলাক গিৰীয়েকৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰে ৮ টা কৈ নৰপিশাচে।

প্ৰাপ্ত তথ্য মতে মহিলাগৰাকী গিৰীয়েকৰ সৈতে জাগীৰোডৰ পৰা হোজাইৰ নিজা বাসগৃহলৈ ৰে’লেৰে আহি আছিল। ৰে’লখন নগাঁৱৰ কামপুৰত উপস্থিত হোৱাৰ সময়তে এই দুৰ্বৃত্তকেইটাই মহিলা গৰাকী আৰু তেওঁৰ স্বামীক বলপূৰ্বকভাৱে এডোখৰ নিজান ঠাইলৈ লৈ যায়। ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামীক গুৰুতৰভাৱে প্ৰহাৰ কৰাত মানুহজন অচেতন হৈ পৰে।

ইয়াৰ পিছতে দুৰ্বৃত্ত কেইটাই মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অৱশেষত দুয়োকে সমীপৰ এটুকুৰা ঠাইত অচেতন অৱস্থাত পেলাই থৈ যায়।

কিছু সময়ৰ পিছতে মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ চেতনা ঘূৰি অহাত কোনোমতে কামপুৰ আৰক্ষী চকীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে ইতিমধ্যে উক্ত দুৰ্বৃত্তকেইটাক কৰায়ত্ত কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে দুৰ্বৃত্তকেইটাক চিনাক্ত বা কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।