NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ সাংবাদসেৱীসকলৰ প্ৰথমখন সমাৱেশ

Posted by: এন ই নাও নিউজ March 17, 2018 1:07 pm
EU-Media-Futures-Forum-pic_0-570x320

নৰ্থ ইষ্ট য়ুনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ (এন ই ইউ ডব্লিউ জে) তৰফৰ পৰা জনোৱা হৈছে যে  সস্থাটোৰ  প্ৰথমখন সমাৱেশ অহা ২৫ মাৰ্চৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব।

শুকুৰবাৰে এন ই ইউ ডব্লিউ জেৰ পৰা প্ৰেৰণ কৰা এটা প্ৰেছ ৰিলিজৰ জৰিয়তে এই কথা জনোৱা হৈছে।

প্ৰান্তিক আলোচনীৰ সম্পাদক, প্ৰখ্যাত সাংবাদিক প্ৰদীপ বৰুৱাই এই সমাৱেশখন উদ্বোধন কৰিব।

কেইবা দশক ধৰি ধৰি অসমৰ আন এখন জনপ্ৰিয় হৈ চলি থকা আলোচনী ‘বিষ্ময়’ৰ সম্পাদক শশী ফুকনে স্মৃতিগ্ৰন্থখন উন্মেোচন কৰিব আৰু আৰু জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

নৰ্থ ইষ্ট য়ুনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ সভাপতি জয়কান্ত শৰ্মাই মুকলি সভাত সভাপতিত্ব কৰিব সাংবাদিক সস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে। এই মুকলি সভাত মেঘালয়ৰ লাইটফাং ছিকিমৰ বিজয় গুৰুং, মণিপুৰৰ ছভাপতি ছমম, নাগালেণ্ডৰ পিৰিপ ছুমি, অৰুণাচল প্ৰদেশৰ কেন্টেৰ জয়া ৰিবা, ত্ৰিপুৰাৰ ছাজিদ আলী, মিজোৰামৰ মালছাওমপুইয়া আদিকে ধৰি  উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইগৰাকী সাংবাদিক উপস্থিত থাকিব।

নৰ্থ ইষ্ট য়ুনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ সাধাৰণ সম্পাদক মনোজ অগস্তিয়ে সংস্থাটোৰ তৰফৰ পৰা সকলো সংবাদসেৱী আৰু সংবাদ মাধ্যমক এই সমাৱেশত যোগদান দিয়াৰ বাবে আমন্ত্ৰণ জনাইছে।