NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজীৱ গান্ধীৰ স্মৃতিচাৰণ

Posted by: অনিৰ্বাণ পাঠক May 21, 2018 12:59 pm
WhatsApp

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়।

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সভাপতিত্ব অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত দলৰ বহু প্ৰবীণ নেতা- কৰ্মী উপস্থিত থাকি ভূতপূৰ্ব প্ৰধানমন্ত্ৰী গৰাকীৰ স্মৃতিচাৰণ কৰে।

সভাত ভাষণ আগবঢ়াই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মনে কয়— ‘অসম চুক্তিৰ ক্ৰেডিট কেৱল আছু- অগপইহে ল’ব বিচাৰে। কিন্তু অসম চুক্তিৰ ক্ৰেডিট কংগ্ৰেছৰ আছে। ‘৮৩ৰ জুইয়ে পোৰা অসমখনত শান্তিৰ পানী ছটিয়াই শান্ত কৰিছিল ৰাজীৱ গান্ধীয়ে। ১৯৮৯-৯০ত অসমত যি পৰিৱেশ হৈছিল তাৰ পৰিৱৰ্তন আনিলে ৰাজীৱ গান্ধীয়ে। মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব ঘূৰি ফুৰিছে কিন্তু কি লাভ হৈছে? ৰাজীৱ গান্ধীয়ে বেছি ভালকৈ সন্ত্ৰাসৰ বিৰূদ্ধে  যুঁজ দিব পাৰিছিল।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়— ‘বিজেপিয়ে কংগ্ৰেছে ৬০ বছৰত কি কৰিলে বুলি কয়। কিন্তু আন নালাগে ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী থাকোতে কৰা NREGA আঁচনি আজিও প্ৰাসংগিক। ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন যুগৰ সূচনা কৰিলে ৰাজীৱ গান্ধীয়ে’।

উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ বহু নেতা-কৰ্মী উপস্থিত থকা এই স্মৃতিচাৰণ সভাখনত ভালেসংখ্যক ৰাইজ সমৱেত হয়।