NORTHEAST NOW (Assamese)

গুৱাহাটীত অৰুণাচলৰ প্ৰাক্তন গৃহ মন্ত্ৰীক গ্ৰেপ্তাৰ

December 6, 2017 12:34 pm · এন ই নাও নিউজ ব্যুৰো
Updated: December 6, 2017 12:55 pm

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী তাকাৰ মাৰ্ডেক কালি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কৰ্মৰত এজন যান-বাহন আৰক্ষীৰ জোৱানক কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে ইয়াৰ আগতেও তেওঁৰ কাৰ্যকালত বাহন ৰখোৱাক লৈ এগৰাকী কৰ্মৰত যান-বাহন বিষয়াৰ লগত তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱাৰ অভিযোগ আছে। তেওঁক ৩৫৩/২৯৩৪/৫০৬ আই পি চিৰ ধাৰাত গ্ৰেপ্তাৰ কৰা বুলি দিচপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। চৰকাৰী বিষয়াক কৰ্মৰত অৱস্থাত অভব্য আচৰণ কৰাৰ অপৰাধত ৩৫৩ নং ধাৰাৰ অধীনত জামিনবিহীন গোচৰ ৰুজু কৰে। অৱশ্যে বাকী দুটা ধাৰাৰ জামিন পোৱাৰ সম্ভাৱনা আছে। দিচপুৰ থানাৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে মাৰ্ডেক ন্যায়িক জিম্মালৈ  প্ৰেৰণ কৰা হৈছে।

Related News